ৰাজ্যত পুনৰ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন।
গুৱাহাটীৰ চন্দ্ৰপুৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। জাহ গ’ল এখন গেলামালৰ দোকানৰ লগতে গেৰেজ। গেৰেজত থকা কেইবাখনো বাহন ভস্মীভূত।
ঈদৰ ৰং আনন্দৰ মাজতেই লখিমপুৰত অঘটন। ৰঙানদীৰ বুকুত সলিল সমাধি ঘটিল দুই কিশোৰৰ।
মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। খানাপাৰা উৰণীয়া সেতুৰ সমীপত এই অভিযান। অভিযানত জব্দ ৫৫ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।
শিলপুখুৰীত নৱগ্ৰহ শ্মশানৰ সমীপত অগ্নিকাণ্ড। ৰামবৰণ নামৰ মিঠাই দোকানখনত সংঘটিত হয় অগ্নিকাণ্ড।
বিমানযাত্ৰীৰ খাদ্যত পোক। পোকে কিলবিলাই থকা ছেণ্ডউইছ খাব দিয়া হ’ল যাত্ৰীক। ইণ্ডিগ’ৰ বিমানযাত্ৰীৰ লগতে সংঘটিত এই ঘটনা।
ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। যোৰাবাটৰ নমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী অভাৰলোড শিল ভৰ্তি ডাম্পাৰে খুন্দা মাৰে 1109 নম্বৰৰ ট্ৰাকত।
বিৰাট কোহলীৰ সমপৰ্যায়ৰ ৰান সংগ্ৰহেৰে অভিলেখ গঢ়ি অৰেঞ্জ কেপৰ অধিকাৰী হ'ল ৰিয়ান পৰাগ।
ৰাজ্যত চলি আছে তীব্ৰ গতিত গৰুৰ চোৰাং সৰবৰাহ। প্ৰতিদিনেই চোৰাংকৈ সৰবৰাহ হৈ আহিছে গো- ধন।
উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই। এফালৰ পৰা জুই বিয়পি পৰিছে বনভূমিৰ বিভিন্ন অঞ্চললৈ।
গুৱাহাটীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড। শিৱ মন্দিৰৰ সমীপত জুইত জাহ গ’ল দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। এখন কাবাৰী দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ।
যোৰাবাটত গো–সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দুখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা ৬০টা গৰু উদ্ধাৰ। গো–সৰবৰাহৰ অভিযোগত বাহন দুখনৰ চালকসহ ৪জনক আটক।
চন্দ্ৰপুৰত শোকাৱহ ঘটনা। তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় বীৰেন কলিতা নামৰ লোকজন।
গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ভিনিয়েক–খুলশালিয়েক।
দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল বাহন। নিহত দুগৰাকীকৈ যাত্রী।