গুৱাহাটীৰ চন্দ্ৰপুৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

DY365
DY365
Published: April 12,2024 10:15 AM
DY365

Story highlights

গুৱাহাটীৰ চন্দ্ৰপুৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। জাহ গ’ল এখন গেলামালৰ দোকানৰ লগতে গেৰেজ। গেৰেজত থকা কেইবাখনো বাহন ভস্মীভূত।

১২ এপ্ৰিল, ২০২৪ঃ গুৱাহাটীৰ চন্দ্ৰপুৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। মহানগৰীৰ পানীখাইটিৰ ৰে’ল গেটত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ যায় এখন গেলামাল দোকান আৰু গেৰেজ।





সম্পূৰ্ণৰূপে জুইত জাহ যায় দুয়োখন ব্যৱসায়ীক প্ৰতিষ্ঠান। গেৰেজত থকা কেইবাখনো দুচকীয়া বাহনৰ লগতে গেলামাল দোকান ভস্মীভূত হয়।





ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। স্থানীয় ৰাইজৰ তাৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।





শ্বৰ্ট-চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুইত কেইবালাখ টকাৰ সা -সম্পত্তি ভস্মীভূত হয়।


Related

TWITTER

FACEBOOK