চন্দ্ৰপুৰত তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক

DY365
DY365
Published: February 7,2024 09:20 AM
DY365

Story highlights

চন্দ্ৰপুৰত শোকাৱহ ঘটনা। তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় বীৰেন কলিতা নামৰ লোকজন।

৭ জানুৱাৰী, ২০২৪ঃ চন্দ্ৰপুৰত শোকাৱহ ঘটনা। তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় বীৰেন কলিতা নামৰ লোকজন। লগতে ৰে’লখনে মহটিয়াই নিয়ে লোকজনৰ ৬টাকৈ পশুধন।





চন্দ্ৰপুৰৰ ঠাকুৰকুছি ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। পুৱাই গৰু এৰাল দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়। ৬ টা গৰু লৈ ৰে’লপথ অতিক্ৰম কৰিবলৈ বিচাৰিছিল ব্যক্তিজনে আৰু সেই সময়তে সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনাটো ।ট






 


Related

TWITTER

FACEBOOK