শিলপুখুৰীত নৱগ্ৰহ শ্মশানৰ সমীপত অগ্নিকাণ্ড

DY365
DY365
Published: April 8,2024 03:01 PM
DY365

Story highlights

শিলপুখুৰীত নৱগ্ৰহ শ্মশানৰ সমীপত অগ্নিকাণ্ড। ৰামবৰণ নামৰ মিঠাই দোকানখনত সংঘটিত হয় অগ্নিকাণ্ড।

৮ এপ্ৰিল, ২০২৪ঃ ৮ এপ্ৰিল, ২০২৪ঃ শিলপুখুৰীত নৱগ্ৰহ শ্মশানৰ সমীপত অগ্নিকাণ্ড। ৰামবৰণ নামৰ মিঠাই দোকানখনত সংঘটিত হয় অগ্নিকাণ্ড।



৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত ভয়ংকৰ ৰূপ লয় জুয়ে। ঘটনাস্থলীত দুখন অগ্নিনিৰ্বাপক বাহন উপস্থিত হয়।



দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত দুখন দোকান জুইত জাহ যোৱাৰ লগতে এখন সুলভ মুল্য দোকানৰ সকলো সামগ্ৰী জুইত জাহ যায়।



অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় দেৱী গুপ্তা নামৰ ৬০ বছৰীয়া এগৰাকী মহিলা। আহত মহিলাগৰাকীক GMCHলৈ প্ৰেৰণ কৰা হয়। 


Related

TWITTER

FACEBOOK