বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লালত ভয়ংকৰ দুৰ্ঘটনা

DY365
DY365
Published: April 19,2024 01:58 PM
DY365

Story highlights

ৰাজ্যত পুনৰ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন।

১৯ এপ্ৰিল, ২০২৪ঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন। স্কুলৰ বাহনত বায়ু সেনাত কৰ্মৰত লোকৰ বাহনৰ খুন্দা।



দুৰ্ঘটনাত চালকজনে থিতাতে হেৰুৱালে প্ৰাণ। ৮গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। থিতাতে নিহত স্কুল বাহনৰ চালকজন ভাস্কৰ কুমাৰ।



আহত ছাত্ৰ-ছাত্ৰীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত পতিত স্কুল বাহনৰ নম্বৰ AS-01-BB- 2102 আৰু আনখন 23 BH 5027 A।



বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লালত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।


Related

TWITTER

FACEBOOK