ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ, ৩১ টাকৈ গো-ধন জব্দ যোৰাবাট আৰক্ষীৰ

DY365
DY365
Published: March 29,2024 01:06 PM
DY365

Story highlights

ৰাজ্যত চলি আছে তীব্ৰ গতিত গৰুৰ চোৰাং সৰবৰাহ। প্ৰতিদিনেই চোৰাংকৈ সৰবৰাহ হৈ আহিছে গো- ধন।

২৯ মাৰ্চ, ২০২৪ঃ ৰাজ্যত চলি আছে তীব্ৰ গতিত গৰুৰ চোৰাং সৰবৰাহ। গো সুৰক্ষা আইনক অংগুস্থ দেখুৱাই ৰাজ্যত প্ৰতিদিনেই চোৰাংকৈ সৰবৰাহ হৈ আহিছে গো- ধন।



পুনৰ যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে এখন গৰু ভৰ্তি কন্টেনাৰ ট্ৰাক। কন্টেনাৰখনৰ নম্বৰ AS01JC 7181 ।  



ট্ৰাক খনৰ পৰা ৩১ টাকৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰে মহম্মদ চামছুল হুদা নামৰ চালকজন। ট্ৰাকখন নগাঁৱৰ পৰা বৰ্ণিহাট গৰু বজাৰলৈ আহি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে। যোৰাবাট আৰক্ষীয়ে অব্যাহত ৰাখিছে  তদন্ত।


Related

TWITTER

FACEBOOK