বিমানযাত্ৰীৰ খাদ্যত পোক, পোকে কিলবিলাই থকা ছেণ্ডউইছ খাব দিয়া হ’ল যাত্ৰীক

DY365
DY365
Published: April 3,2024 12:12 PM
DY365

Story highlights

বিমানযাত্ৰীৰ খাদ্যত পোক। পোকে কিলবিলাই থকা ছেণ্ডউইছ খাব দিয়া হ’ল যাত্ৰীক। ইণ্ডিগ’ৰ বিমানযাত্ৰীৰ লগতে সংঘটিত এই ঘটনা।

৩ এপ্ৰিল, ২০২৪ঃ আকাশী পেথেৰে যাত্ৰা কৰাৰ সময়ত বিমান কৰ্তৃপক্ষই যোগান ধৰা খাদ্য খাওতে সাৱধান হওক। ইণ্ডিগ’ বিমান কৰ্তৃপক্ষই যোগান ধৰা খাদ্যত ওলাল পোক।  





দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানত যোগান ধৰা খাদ্যত পোক। খাদ্যত পোক দেখি হতভম্ব হ’ল এগৰাকী মহিলা। মহিলাগৰাকীক বিমান কৰ্তৃপক্ষই যোগান ধৰিছিল খাদ্য।





পোকে কিলবিলাই থকা ছেণ্ডউইছ খাব দিয়া হ’ল যাত্ৰীক। খাদ্যত পোক পোৱাৰ পিছতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি। ইণ্ডিগ’ 6E 2095 নম্বৰৰ বিমানত দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল যাত্ৰী।  যোগান ধৰা খাদ্যক লৈ বিমান কৰ্তৃপক্ষক দিয়ে অভিযোগ। 
 


Related

TWITTER

FACEBOOK