গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

DY365
DY365
Published: February 7,2024 08:49 AM
DY365

Story highlights

গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ভিনিয়েক–খুলশালিয়েক।

৭ জানুৱাৰী, ২০২৪ঃগুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ বি বৰুৱা ৰোডত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে।



দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় ভিনিয়েক–খুলশালিয়েক। নিহত হয় শিলপুখুৰীৰ নিবাসী ভিনিয়েক-খুলশালিক। নিহতদ্বয় ৰাকেশ দাস আৰু পৰমেশ্বৰ ডেকা। বি বৰুৱা কলেজৰ সমীপৰ উৰণীয়া সেতুত সংঘটিত এই দুৰ্ঘটনা।



দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আনখন বাইকৰ দুজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখনৰ নম্বৰ হৈছে AS07H5266 আৰু AS01BW2170। 






 


Related

TWITTER

FACEBOOK