দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত দুগৰাকীকৈ যাত্রী।

DY365
DY365
Published: February 4,2024 05:22 PM
DY365

Story highlights

দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল বাহন। নিহত দুগৰাকীকৈ যাত্রী।

৪ ফেব্ৰুৱাৰী, ২০২৪: দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল বাহন। নিহত দুগৰাকীকৈ যাত্রী।



দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল বাহন। নিহত দুগৰাকীকৈ যাত্রী। নিহত যাত্ৰী দুজন ক্ৰমে হাতীবন্ধাৰ হৰকান্ত ৰাভা আৰু টেঙাখালৰ শংকৰ ৰাভা। নিশা সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাটোত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন। বিবাহৰ বাবে কইনা ঘৰলৈ যাত্রী কঢ়িয়াই নিছিল বাহনখনে। বিবাহৰ বৰযাত্ৰীৰ লগত যোৱা বাহন আছিল দুৰ্ঘটনাগ্ৰস্থ বাহনখন। 



এখন ACE GOLD মেজিক বাহনত আহিছিল প্ৰায় ২৫ জনৰো অধিক যাত্ৰী। আহতসকলক নিশাই ভৰ্তি মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত। ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত কেইবাজনো লোকক নিশাই GMCHলৈ প্ৰেৰণ। দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাগান নাৰায়পুৰত সংঘটিত দুৰ্ঘটনাটো। অধিক যাত্রী কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথত বাগৰি পৰা বুলি ধাৰণা আৰক্ষীৰ প্ৰাথমিক তদন্তত।
 





 


Related

TWITTER

FACEBOOK