যোৰাবাটত গো–সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

DY365
DY365
Published: February 13,2024 01:35 PM
DY365

Story highlights

যোৰাবাটত গো–সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দুখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা ৬০টা গৰু উদ্ধাৰ। গো–সৰবৰাহৰ অভিযোগত বাহন দুখনৰ চালকসহ ৪জনক আটক।

১৩ ফেব্ৰুৱাৰী, ২০২৪ঃ ৰাজ্যত অব্যাহত আছে গো-ধনৰ চোৰাং সৰবৰাহ। গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ অভিযান। যোৰাবাটত পুনৰ জব্দ অবৈধভাৱে সৰবৰাহ কৰা গো-ধন ভৰ্তি দুখন ট্ৰাক।



দুখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা ৬০টা গৰু উদ্ধাৰ। গো–সৰবৰাহৰ অভিযোগত বাহন দুখনৰ চালকসহ ৪জনক আটক। আটক বাহন দুখনৰ চালক ছফিকুল ইছলাম আৰু খিৰাজুল ইছলাম, ইছক আলি আৰু ৰবিজুল ইছলাম।



বোকাখাতৰ পৰা মেঘালয়লৈ গৈ আছিল ট্ৰাকদুখন। চেষ্টা চলাইছিল মেঘালয়ৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহৰ। ট্ৰাক দুখনৰ নম্বৰ AS01DC 2861 আৰু As02QC 1861।



এক গোপন সূত্ৰৰ পমখেদি যোৰাবাটৰ লিংক ৰোডত অভিযান চলাই গো-ধন ভৰ্তি বাহন জব্দ কৰে যোৰাবাট আৰক্ষীয়ে। এই সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত।


Related

TWITTER

FACEBOOK