ৰঙানদীৰ বুকুত সলিল সমাধি ঘটিল দুই কিশোৰৰ

DY365
DY365
Published: April 11,2024 05:17 PM
DY365

Story highlights

ঈদৰ ৰং আনন্দৰ মাজতেই লখিমপুৰত অঘটন। ৰঙানদীৰ বুকুত সলিল সমাধি ঘটিল দুই কিশোৰৰ।

১১ এপ্ৰিল, ২০২৪ঃ ঈদৰ ৰং আনন্দৰ মাজতেই লখিমপুৰত অঘটন। ৰঙানদীৰ বুকুত সলিল সমাধি ঘটিল দুই কিশোৰৰ। দেওবিল বান্তৌত সংঘটিত হ’ল এই হৃদয় বিদাৰক ঘটনা।



সলিল সমাধি ঘটিল নৰাগাঁৱৰ সপ্তম শ্ৰেণীৰ দুই ছাত্ৰৰ। ছাত্ৰ দুজন ক্ৰমে জয়দীপ হাজৰিকা আৰু মৃন্ময় দত্ত। লগৰীয়াৰ লগত ৰঙানদীত গা-ধুবলৈ নামোতেই নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায় দুয়োকে।



ঘটনাস্থলীত উপস্থিত SDRF বাহিনী। SDRF বাহিনীয়ে অভিযান চলাই ইতিমধ্যে উদ্ধাৰ কৰিছে দুয়োৰে মৃতদেহ। 


Related

TWITTER

FACEBOOK