কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়

DY365
DY365
Published: July 28,2024 04:02 PM
DY365

Story highlights

বান কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়। ৰাষ্ট্ৰীয় পথ পাৰ হৈ পুনৰ আপোন ঘৰলৈ বনৰীয়া হাতীৰ জাক।

২৮জুলাই,২০২৪:বান কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতিছে এশিঙীয়া গঁড়। ৰাষ্ট্ৰীয় পথ পাৰ হৈ পুনৰ আপোন ঘৰলৈ বনৰীয়া হাতীৰ জাক। কাজিৰঙাত এতিয়া বান নাই। বানপানী কমি পুনৰ সেউজীয়া হৈছে তৃণভূমি, অৰণ্যৰ তল। লাহে লাহে এৰি থৈ যোৱা ঘৰখনলৈ উভতিবলৈ ধৰিছে বন্যপ্ৰাণীৰ জাক। সকলোৱে জানে, কাজিৰঙাত বানপানী হ’লেই আশ্ৰয় বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলে অসম গৌৰৱ গঁড়কে ধৰি জাকে জাকে বন্যপ্ৰাণীয়ে। পানীৰ তলত ৰাষ্ট্ৰীয় উদ্যানখন এৰি থৈ আশ্ৰয় লয়গৈ ওখ পাহাৰ অথবা দাঁতি কাষৰীয়া চাহ বাগিচাৰ মাজত। এইবাৰ আগবাৰিষাৰে পৰা এতিয়ালৈ প্ৰায় ডেৰ মাহ ধৰি বানত বুৰি আছিল কাজিৰঙা। শেহতীয়াকৈ পানী শুকুৱাত পুনৰ ৰাষ্ট্ৰীয় উদ্যান অভিমুখে উভতি আহিছে বন্যপ্ৰাণীৰ জাক। তাৰ মাজেই দুই-এটা গঁড়ে এৰিব পৰা নাই কাৰ্বি পাহাৰৰ মোহ। সিহঁতকেইটাই এইকেইদিন আপোনমনে ঘূৰি ফুৰিছে কাৰ্বি আংলঙৰ কেইবাখনো গাঁৱত।



কাজিৰঙাৰ এলেকাৰ বাহিৰত ঘূৰি ফুৰা গঁড়কেইটাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বাহিনী আৰু আৰক্ষী বিভাগে। বন বিভাগে বিশেষকৈ হাতীৰ সহায়ত কাৰ্বি আংলঙৰ নামনিৰ চাহ বাগিচাত থিতাপি লোৱা গঁড়কেইটাৰ স্থান নিৰূপণৰ চেষ্টা কৰিছে। দুৰ্গম এলেকাত বিচৰণ কৰি থকা গঁড়ৰ সুৰক্ষাৰ বাবে কাৰ্বি আংলং বনবিভাগৰ লগতে আৰক্ষীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত চলাইছে যুটীয়া অভিযান। ঠাই বিশেষে ড্ৰোণৰ সহায় লোৱা হৈছে। ইতিমধ্যে জাকে জাকে হাতী উভতি আহিছে এৰি থৈ যোৱা বিচৰণভূমিলৈ। পহুকে ধৰি অন্যান্য বন্যপ্ৰাণীও উভতি আহিছে। এতিয়া মাথোঁ আহিবলৈ বাকী গাঁৱৰ কোমলীয়া ঘাঁহৰ প্ৰেমত পৰা এশিঙীয়া গঁড়কেইটাহে।


Related

TWITTER

FACEBOOK