অলিম্পিকত আজি পুনৰ পদক নিশ্চিত কৰিব ভাৰতে!

DY365
DY365
Published: July 29,2024 01:14 PM
DY365

Story highlights

আজি অলিম্পিকত ভাৰতৰ ৩ পদক জয়ৰ সম্ভাৱনা। ভাৰতীয়ক আজি স্বপ্ন দেখুৱাইছে আৰ্চাৰী আৰু শ্বুটিঙে।

২৯জুলাই,২০২৪:আজি অলিম্পিকত ভাৰতৰ ৩ পদক জয়ৰ সম্ভাৱনা। ভাৰতীয়ক আজি স্বপ্ন দেখুৱাইছে আৰ্চাৰী আৰু শ্বুটিঙে। দুপৰীয়া ১ বজাত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলাৰ ফাইনেল। পদক জয়ৰ লক্ষ্যৰে শ্বুটিঙত নামিব ৰমিতা জিন্দাল। ইফালে পুৰুষৰ একেই ইভেণ্টত ফাইনেল খেলিব অৰ্জুন বাবুটাই। বাবুটাৰ খেল আছে বিয়লি ৩.৩০ বজাৰ পৰা।



আৰ্চাৰীত দলগতভাৱে কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ পুৰুষৰ দল। ফাইনেল খেলিব ধীৰাজ বুম্বাডেভাৰা, তৰুণদীপ, প্ৰবীণ ৰমেশে। এই মেচত জয়ী হ’লে নিশা ৮.১৮ৰ পৰা ছেমিফাইনেল মেচ। নিশা ৮.৪১ৰ বজাৰ পৰা আৰম্ভ হ’ব আৰ্চাৰীৰ পুৰুষৰ দলগত ফাইনেল। হকীত আজি দ্বিতীয় মেচত নামিব ভাৰতীয় দল। ভাৰতৰ হকী দলৰ সন্মুখত বিপক্ষ আৰ্জেণ্টিনা। 


Related

TWITTER

FACEBOOK