আজিৰে পৰা ৰাজ্যত আৰম্ভ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

DY365
DY365
Published: March 26,2024 09:42 AM
DY365

Story highlights

সমাগত লোকসভা নিৰ্বাচনক লৈ আজি দাখিল কৰিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ

২৬ মাৰ্চ, ২০২৩ : সমাগত লোকসভা নিৰ্বাচনক লৈ আজিৰে পৰা ৰাজ্যত আৰম্ভ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া । আজি দাখিল কৰিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ।  ডিব্ৰুগড়, লখিমপুৰ, যোৰহাটত নিৰ্বাচন প্ৰাৰ্থীয়ে দিব মনোনয়ন পত্ৰ । ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিব মনোনয়ন পত্ৰ । বিজেপিৰ দুই প্ৰাৰ্থীৰ মনোনয়নত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও । মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুয়োগৰাকী দাখিল কৰিব মনোনয়ন পত্ৰ ।



বিৰোধী শিৱিৰৰ ৩ প্ৰাৰ্থীয়েও দাখিল কৰিব মনোনয়ন ।যোৰহাটত কংগ্ৰেছৰ হেভীৱেইট প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি দাখিল কৰিব মনোনয়ন। ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈয়ে আৰু কাজিৰঙাত ৰ’জলীনা তিৰ্কীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ।


Related