বনৰীয়া ম’হৰ আক্ৰমণত এজন নিহত

DY365
DY365
Published: July 29,2024 01:22 PM
DY365

Story highlights

মৰাণৰ বুঢ়ীখোৱাঙত বনৰীয়া ম’হৰ আক্ৰমণত এজন নিহত। নিহত লোকজনৰ নাম দেৱেশ্বৰ চেলেং।

২৯জুলাই,২০২৪:মৰাণৰ বুঢ়ীখোৱাঙত বনৰীয়া ম’হৰ আক্ৰমণত এজন নিহত। নিহত লোকজনৰ নাম দেৱেশ্বৰ চেলেং। ৫৬ বছৰীয়া লোকজন পথাৰৰ পৰা আহি থাকোতে সন্মুখীন হয় আক্ৰমণৰ। লখেন শইকীয়া নামৰ আন এজনো আহত হয় আক্ৰমণত। দুয়োজনকে প্ৰথমে মৰাণ-তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছিল। তাৰ পিছত উন্নত চিকিৎসাৰ বাবে নিয়া ডিব্ৰুগড় AMCHলৈ। আজি পুৱতি নিশা মৃত্যু হয় দেৱেশ্বৰ চেলেঙৰ। অঞ্চলটোত দুটাকৈ বনৰীয়া ম’হে থিতাপি লৈ আছে। ম’হ দুটাক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। খেতিয়কৰ খেতিপথাৰত অৱস্থান লৈ আছে ম’হ দুটাই। বনৰীয়া ম’হ দুটা খেদিবলৈ জিলা প্ৰশাসনক আবেদন বুঢ়ীখোৱাংবাসীৰ। 


Related

TWITTER

FACEBOOK