৪০ জন যাত্ৰী থকা বাছ বাগৰি পৰিল নদীত

DY365
DY365
Published: August 23,2024 01:22 PM
DY365

Story highlights

নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। প্ৰবল বৰষুণৰ বাবে উফন্দি উঠা মাৰ্চয়াংদি নদীত পৰিল এখন ভাৰতৰ বাছ।

২৩ আগষ্ট,২০২৪: নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। প্ৰবল বৰষুণৰ বাবে উফন্দি উঠা মাৰ্চয়াংদি নদীত পৰিল এখন ভাৰতৰ বাছ।



বাছখনত আছিল ৪০ জন যাত্ৰী। মাৰ্চয়াংদি নদীত সন্ধানহীন কেইবাজনো যাত্ৰী। স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰা হৈছে কেইবাজনো যাত্ৰীক। উত্তৰ প্ৰদেশৰ পৰা গৈছিল ৪০ জন ভাৰতীয় যাত্ৰী লৈ বাছখন। পোখৰাৰ পৰা কাঠমাণ্ডলৈ গৈ থকা সময়তেই সংঘটিত হৈছে এই ভয়ংকৰ বাছ  দুৰ্ঘটনাৰ ঘটনাটো।




 


Related

TWITTER

FACEBOOK