ডিব্ৰুগড় চহৰক জোকাৰি গ’ল লজ্জাজনক ঘটনাই, নিশাৰ সুযোগ লৈ মহিলাক নিৰ্যাতন চলোৱীৰ অভিযোগ

DY365
DY365
Published: August 19,2024 10:04 AM
DY365

Story highlights

এগৰাকী অকলশৰীয়া মহিলাক সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ নিৰ্যাতন চলাইছিল দুই নৰাধমে। মহিলাগৰাকীক টানি নিছিল এটা আন্ধাৰ গলিলৈ।

১৯ আগষ্ট,২০২৪: ডিব্ৰুগড় চহৰক জোকাৰি গৈছে এক লজ্জাজনক ঘটনাই। ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে মহিলাক নিৰ্যাতনৰ ভয়ংকৰ ঘটনাৰ অভিযোগ। দেওবাৰে ডিব্ৰুগড়ৰ সন্ধিয়া মিলন নগৰত সংঘটিত হয় এই জঘন্য কাণ্ড। এগৰাকী অকলশৰীয়া মহিলাক সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ নিৰ্যাতন চলাইছিল দুই নৰাধমে। মহিলাগৰাকীক টানি নিছিল এটা আন্ধাৰ গলিলৈ।



এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত মহিলাগৰাকী সেই সময়ত ৰাজপথেৰে অকলে গৈ আছিল আৰু সেই সময়তেই বাইকত অহা দুই যুৱকে আগচি ধৰিছিল মহিলাগৰাকীক আৰু মহিলাগৰাকীৰ শৰীৰৰ গোপন অংগ স্পৰ্শ কৰি টানি লৈ গৈছিল আন্ধাৰলৈ।  চিঞৰ-বাখৰ কৰি কথমপি নিজক ৰক্ষা কৰে মহিলাগৰাকীয়ে।নিশা আৰক্ষীয়ে অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।  সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ন্যায় বিচাৰিলে মহিলাগৰাকীয়ে। 
 


Related

TWITTER

FACEBOOK