জীৱনত এজন সঙ্গী থকাটো প্ৰয়োজন। শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'ব কংগনা ৰানাৱট !

DY365
DY365
Published: September 19,2024 05:10 PM
DY365

Story highlights

জীৱনত এজন সঙ্গী থকাটো প্ৰয়োজন। শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'ব কংগনা ৰানাৱট !

১৯ ছেপ্তেম্বৰ, ২০২৪-     জীৱনত এজন সঙ্গী থকাটো প্ৰয়োজন। শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'ব কংগনা ৰানাৱট !



শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'ব বলীউড অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ সাংসদ কংগনা ৰানাৱট। শেহতীয়া এক পডকাষ্টত কংগনা ৰানাৱটে  বিবাহৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। বৰ্তমান কংগনা ৰানাৱট ব্যস্ত হৈ আছে নিজৰ ছবি ''এমার্জেন্সি''ৰ মুক্তিৰ বাবে। ''এমার্জেন্সি''ৰ মুক্তিৰ পিছতেই  কংগনাই বিয়া হব নেকি? অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ পৰা কেতিয়া বিবাহৰ ঘোষণা আশা কৰিব পাৰে? এই সন্দৰ্ভত কঙ্গনা ৰানাৱটে কয়, "প্ৰথমে মোৰ ছবি ''এমার্জেন্সি''ৰ মুক্তি পাব লাগে, তাৰ পিছত আমি বিয়া সন্দৰ্ভত কথা পাতিম।" স্পষ্টবাদী কণ্ঠ হিচাপে পৰিচিত কঙ্গনা ৰানাৱটে কয় যে-"বন্ধু-বান্ধৱী অবিহনে জীয়াই থকাটো কঠিন। সকলোৰে এজন সঙ্গী থাকিব লাগে।সকলোৰে জীৱনত এজন সঙ্গী থকাটো প্ৰয়োজন।'' উল্লেখ্য যে  কঙ্গনা ৰানাৱটে তেওঁৰ আগন্তক ছবি এমার্জেন্সিৰ মুক্তিৰ বাবে সাজু হৈছে। তেওঁ ছবিখন পৰিচালনা কৰিছে। ছবিখনত কংগনাই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পূৰ্বে 2024 চনৰ 6 ছেপ্টেম্বৰত মুক্তি দিয়াৰ কথা আছিল, কিন্ত শিখ সম্প্ৰদায়ে ইয়াৰ বিৰোধিতা কৰাৰ পিছত আৰু চি. বি. এফ. চি.-ৰ পৰা প্ৰমাণপত্ৰ লাভ নকৰাৰ বাবে এমার্জেন্সিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছিল।


Related

TWITTER

FACEBOOK