কৃত্ৰিম বানপানী বনাম প্ৰদূষণ! USTM প্ৰসংগত মুখ্যমন্ত্ৰীৰ স্থিতিত সৰৱ মেঘালয়ৰ জনপ্ৰতিনিধি

DY365
DY365
Published: August 16,2024 12:31 PM
DY365

Story highlights

মেঘালয়েদি বৰাকলৈ যাতায়াত বন্ধ কৰাৰ প্ৰস্তাৱ মেঘালয় বিধায়কৰ।

১৬ আগষ্ট,২০২৪: USTM প্ৰসংগত মুখ্যমন্ত্ৰীৰ স্থিতিৰ পিছত মেঘালয়ত প্ৰতিক্ৰিয়া। মেঘালয়েদি বৰাকলৈ যাতায়াত বন্ধ কৰাৰ প্ৰস্তাৱ মেঘালয় বিধায়কৰ। USTM প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে  X হেণ্ডেলত সৰব হৈছে মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা, বিধায়ক লেকমেন ৰিম্বুই। USTMৰ বিৰুদ্ধে NGTলৈ গ’লে মেঘালয়কো সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে বিধায়ক লেকমেন ৰিম্বুই। ‘বৰ্ণিহাটত অসমৰ দিশত হোৱা প্ৰদূষণৰ বাবে আমিও NGTলৈ যাব পাৰো’,‘মেঘালয়ৰ পানীৰ বাবে বানপানী হ’লে এতিয়া বাংলাদেশেও গোচৰ দিব নেকি?’ বুলি প্ৰশ্ন বিধায়কগৰাকীৰ।  অসমৰ মুখ্যমন্ত্ৰীক বাস্তৱবাদী হোৱাৰ আহ্বান মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টাৰ  আৰু লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী, USTMৰ সৈতে বৈঠকত বহিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।
 


Related

TWITTER

FACEBOOK