NO SAFETY NO DUTY শ্লোগানেৰে উত্তাল সমগ্ৰ দেশ

DY365
DY365
Published: August 16,2024 04:42 PM
DY365

Story highlights

দেশজুৰি স্বাস্থ্য সেৱাত এতিয়া এক প্ৰকাৰৰ অচলাৱস্থা। আপোনাৰ প্ৰয়োজনত আপুনি হাস্পতালত নাপাবও পাৰে চিকিৎসকক।

১৬ আগষ্ট,২০২৪:   দেশজুৰি স্বাস্থ্য সেৱাত এতিয়া এক প্ৰকাৰৰ অচলাৱস্থা। আপোনাৰ প্ৰয়োজনত আপুনি হাস্পতালত নাপাবও পাৰে চিকিৎসকক।  NO SAFETY NO DUTY শ্লোগানেৰে উত্তাল সমগ্ৰ দেশ। কলকাতাত শিক্ষাৰ্থী চিকিত্‍সকক নিৰ্যাতনক লৈ অচল দেশৰ স্বাস্থ্যখণ্ড। দেশৰ প্ৰান্তে প্ৰান্তে চিকিত্‍সক-চিকিৎসাকৰ্মীৰ ধাৰাবাহিক প্ৰতিবাদ। দেশৰ প্ৰধান নগৰসমূহত অচল চৰকাৰী চিকিত্‍সা সেৱা। GMCHত OPD বয়কট কৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসক। কাইলৈ পুৱাৰে পৰা চিকিত্‍সকৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি ঘোষণা কৰা হৈছে। পুৱা ৬ বজাৰ পৰাই দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ঘোষণা কৰি  আৰ জি কৰ চিকিত্‍সা মহাবিদ্যালয়ৰ। ঘটনাক লৈ IMAৰ আহ্বান নিয়মীয়া OPDৰ লগতে নিৰ্ধাৰিত অস্ত্ৰোপচাৰ আদিৰ পৰা বিৰত থাকিব চিকিত্‍সক।  আজিও বহু চিকিৎসালয়ত বন্ধ কৰি ৰখা হৈছে OPD সেৱা। অৱশ্যে জৰুৰীকালীন সেৱাত অব্যাহত থাকিব চিকিত্‍সা। পঞ্জাৱৰ সকলো চৰকাৰী মেডিকেল কলেজ, হাস্পতালত চিকিত্‍সকৰ বিক্ষোভ। কেৰালা, দিল্লী, ভূপাল, তেলেংগানা সকলোতে প্ৰৱল প্ৰতিবাদ। অসমৰো গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত চিকিত্‍সক-চিকিত্‍সাকৰ্মীৰ প্ৰতিবাদ।  কলকাতাৰ প্ৰতিষ্ঠানটোত ভয়ংকৰ ঘটনাৰ বলি হৈছিল এগৰাকী চিকিত্সক। ইয়াৰ পিছতে চিকিত্সক-চিকিৎসাকৰ্মীৰ তীব্ৰ প্ৰতিবাদ অব্যাহত
 আৰু তাৰ মাজতে কাইলৈ ঘোষণা কৰা হৈছে দেশজুৰি ২৪ ঘণ্টীয়া কৰ্মবিৰতি। 

 


Related

TWITTER

FACEBOOK