প্ৰৱল বৃষ্টিপাতৰ বাবে স্তব্ধ হৈ পৰিছে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ জনজীৱন।

DY365
DY365
Published: September 2,2024 06:24 PM
DY365

Story highlights

১৪০খন ৰে’লৰ চলাচল বাতিল কৰিছে ৰে’ল বিভাগে।

SEPTEMBER 2, 2024- বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বানৰ কৱলত পৰিছে ৰাজ্য দুখনৰ কেইবাটাও অঞ্চল। বানপানীৰ বাবে স্বাভাৱিক জীৱন যাপনত অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্য দুখনৰ জনসাধাৰণ। প্ৰতিকুল বতৰৰ বাবে তেলেংগানাৰ ১৫জন আৰু অন্ধ্ৰপ্ৰদেশৰ ১২জন লোকৰ মৃত্যু হৈছে।  হাজাৰ হাজাৰ লোকক বানাক্ৰান্ত অঞ্চলৰ পৰা সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। বৰষুণৰ বাবে স্থৱিৰ হৈ পৰিছে ৰাজ্যৰ ৰে’ল সেৱা।



 



১৪০খন ৰে’লৰ চলাচল বাতিল কৰিছে বিভাগে। জানিব পৰা মতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি এক জৰুৰী বৈঠক আয়োজন কৰিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। দেওবাৰে বতৰ বিজ্ঞান বিভাগে তেলেংগানাৰ আদিলাবাদ, নিজামাবাদ, ৰাজন্না ছিৰচিলা, যাদদ্ৰী ভুৱংগিৰি, ভিকাৰাবাদ, সাংগাৰেডী, কামাৰেড্ডী আৰু মহাবুবনগৰ জিলাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। লগতে হায়দৰাবাদত প্ৰচণ্ড বৰষুণৰ ফলত জমা হোৱা পানীৰ বাবে সোমবাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।


Related

TWITTER

FACEBOOK