দৰমহা নাপালে বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰে শিক্ষকে ! ৪৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মেট্ৰিক পৰীক্ষাত পাছ কৰিলে মাথোঁ ৩জনে ।

DY365
DY365
Published: April 22,2024 01:04 PM
DY365

Story highlights

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি পেলোৱাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰী ফলাফল বেয়া হোৱাৰ বাবে শিক্ষকক গামোচা পিন্ধাই আৰু ৰসগোল্লা খোৱাব অভিভাৱকে।

২২ এপ্ৰিল, ২০২৪ :এখন চৰকাৰী বিদ্যালয়ৰ সন্মুখত  উত্তাল প্ৰতিবাদ অভিভাৱকৰ। লখিমপুৰৰ তিনিঠেংগীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল এইবাৰ মেট্ৰিক পৰীক্ষাত ।  ৪৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মেট্ৰিক পৰীক্ষাত পাছ কৰিলে মাথোঁ ৩জনে ।





বিদ্যালয়খনৰ এনে ফলাফল দেখি  খৰ্গহস্ত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি পেলোৱাৰ অভিযোগ অভিভাৱক-ৰাইজৰ।   গুণোত্‍সৱতো আনকি বিদ্যালয়খনে পাইছিল ডি-গ্ৰেড। অভিভাৱকৰ অভিযোগ, শিক্ষকে গুৰুত্ৱ নিদিয়ে পাঠদানত, সেইকাৰণে ফেইল কৰে ল’ৰা-ছোৱালীয়ে 
বিদ্যালয়খনৰ শিক্ষকৰ বদলিৰো দাবী তুলিছে।  ৰাইজ-অভিভাৱকৰ মতে প্ৰধান শিক্ষক ব্যৰ্থ হৈছে বিদ্যালয় পৰিচালনা কৰাতো।   প্ৰধান শিক্ষকৰ কোনো কথাই নুশুনে আন শিক্ষক-শিক্ষয়ত্ৰীসকলে বুলি অভিযোগ ৰাইজৰ। 


Related

TWITTER

FACEBOOK