আজি বিশ্ব ঘৰচিৰিকা দিৱস, কণমানি চৰাইবিধৰ ইতিহাস, বিষয়বস্তু আৰু তাৎপৰ্যৰ বিষয়ে জানো আহক...

DY365
DY365
Published: March 20,2024 02:51 PM
DY365

Story highlights

আজি বিশ্ব ঘৰচিৰিকা দিৱস। ক্ৰমে বিলুপ্তিৰ দিশলৈ গতি কৰা ঘৰচিৰিকা চৰাই সংৰক্ষণ সজাগতাৰ বাবে পালন কৰা হয় এই দিৱস। ২০১০ চনৰ পৰা প্ৰতি বছৰৰ ২০ মাৰ্চ দিনটো বিশ্ব ঘৰচিৰিকা দিৱস হিচাবে পালন কৰি অহা হৈছে।

২০ মাৰ্চ, ২০২৪ঃ আজি বিশ্ব ঘৰচিৰিকা দিৱস। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো উপলব্ধ এই কণমানি চৰাইবিধে ভাল পায় মানুহৰ সংগ। মানুহৰ ঘৰৰ চালতে প্রায় বাস কৰি অহা চৰাইবিধৰ অস্তিত্বৰ প্রতি বিভিন্ন কাৰণত নামি আহিছে সংকট। প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয় এই দিৱস।



ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত। এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ তালিকাত স্থান দিছিল।



বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘৰচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে। অসমত ইয়াৰে তিনিবিধ প্ৰজাতিৰ ঘৰচিৰিকা পোৱা যায়। ঘৰচিৰিকা, ইউৰেছিয়ান ট্ৰী স্পেৰ’ আৰু ৰাছেট স্পেৰ’।



ঘৰচিৰিকাই মানুহৰ বাবে বহুতো উপকাৰী। বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে মেলেৰিয়া আৰু ডেংগু আদি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়। তদুপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে। প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল। 



শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিছে। ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। নগৰীকৰণ, খেতি-পথাৰত কীটনাশক আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে।



ঘৰচিৰিকা দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা। ইয়াৰ যোগেদি ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগোৱা হয় আৰু এইক্ষেত্ৰত প্ৰচেষ্টা কৰি থকা লোকসকলক মতবিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়। প্ৰতিবছৰে এই দিৱসৰ এটা বিষয় ঠিক কৰি দিয়া হয়। 


Related

TWITTER

FACEBOOK