আজি আন্তৰ্জাতিক নাৰী দিৱস, এই বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু কি জানো আহক

DY365
DY365
Published: March 8,2024 08:56 AM
DY365

Story highlights

আজি আন্তৰ্জাতিক নাৰী দিৱস। ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ এই দিৱস পালন কৰা হয়।

৮ মাৰ্চ,২০২৪ঃ আজি আন্তৰ্জাতিক নাৰী দিৱস। ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ এই দিৱস পালন কৰা হয়। নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা।



বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদযাপনৰ মুখ্য বিষয়। এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে।



১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল।



ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ, জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ ১০০ গৰাকী নাৰী প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল। ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়।



১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হ’ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। ক’ৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ মুখ্য বিষয়, আকৌ ক’ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠায়ে বেছি গুৰুত্ব পায়।



বিশ্বেৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাৱে চৰকাৰী ছুটীৰ দিন হিচাপে পালন কৰা হয়। তাৰে ভিতৰত আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, বুৰকিনা ফাচো, কম্বোডিয়া, কিউবা, জৰ্জিয়া, গিনি-বিচাউ, ইৰিত্ৰিয়া, কাজাখাস্তান, কিৰগিজিস্তান, লাওচ, মলদভা, মংগোলিয়া, মন্টেনিগ্ৰো, ৰুছিয়া, তাজিকিস্তান, তুৰ্কমেনিস্তান, উগাণ্ডা, ইউক্ৰেন, উজবেকিস্তান, ভিয়েতনাম আৰু জাম্বিয়া। তাৰোপৰি চীন, মেচিডনিয়া, মাদাগাস্কাৰ, নেপালত কেৱল নাৰীসকলে চৰকাৰী ছুটীৰ দিন উপভোগ কৰে।



প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰসংঘই নাৰী দিৱসকলৈ এক বিষয়বস্তু হাতত লৈছে। ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক দিশত মোকাবিলাকৰাৰ ওপৰত গুৰুত্ব দি ২০২৪ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হৈছে - ‘মহিলাত বিনিয়োগ ত্বৰান্বিত প্ৰগতি’ হিচাপে মনোনীত কৰিছে, আনহাতে এই বছৰৰ বাবে প্ৰচাৰৰ বিষয়বস্তু হৈছে ‘অন্তৰ্ভুক্তিৰ অনুপ্ৰেৰণা।’


Related

TWITTER

FACEBOOK