১০০খনকৈ ব্যক্তিগত জেট বিমানেৰে অতিথি আহিব অনন্ত আম্বানীৰ বিয়াত

DY365
DY365
Published: July 11,2024 04:08 PM
DY365

Story highlights

১২ জুলাই শুকুৰবাৰৰ দিনটোত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান। অনন্ত আম্বানীৰ বিয়াৰ বাবে ভাৰাত লৈছে ৩খনকৈ ফেলকন ২০০০ জেট।

১১জুলাই,২০২৪: ১২ জুলাই শুকুৰবাৰৰ দিনটোত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান। অনন্ত আম্বানীৰ বিয়াৰ বাবে ভাৰাত লৈছে ৩খনকৈ ফেলকন ২০০০ জেট। ১০০খনকৈ ব্যক্তিগত জেট বিমানেৰে অতিথিক অনা-নিয়াৰ ব্যৱস্থা। ভাৰাত লোৱা বিমানসমূহে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কৰিব অনেক যাত্ৰা। মুম্বাই আৰক্ষীয়ে এই বিবাহক গণ্য কৰিছে ৰাজহুৱা অনুষ্ঠান হিচাপে।



Jio World Centreত অনন্ত-ৰাধিকাৰ বিবাহৰ বাবে মুম্বাই আৰক্ষীৰ ট্ৰেফিক নিৰ্দেশনা। বান্দ্ৰা কুৰলা চেণ্টাৰৰ আশে-পাশে ৩ দিনৰ বাবে বিশেষ পথ নিৰ্দেশনা। অভ্যৰ্থনা গৃহৰ সমীপৰ পথ খোলা থাকিব কেৱল বিবাহৰ অতিথিৰ বাবেহে। শুকুৰবাৰে বিবাহ, শনিবাৰে শুভ আশীৰ্বাদ আৰু দেওবাৰে অভ্যৰ্থনা অনুষ্ঠান। সমগ্ৰ অঞ্চলটোত ইতিমধ্যে কৰা হৈছে চালে চকুৰোৱা আলোকসজ্জা।
 


Related

TWITTER

FACEBOOK