ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সৰ বিশ্ববিদ্যালয়লৈ আদৰণি: ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

DY365
DY365
Published: January 26,2024 03:20 PM
DY365

Story highlights

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আগন্তক ২০৩০ৰ ভিতৰত ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সৰ বিশ্ববিদ্যালয়লৈ আদৰণি জনোৱাৰ এক পদক্ষেপ।

২৬ জানুৱাৰী ২০২৪: ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সদৰি কৰে যে আগন্তক ২০৩০ৰ ভিতৰত ফ্ৰান্সে ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সৰ বিশ্ববিদ্যালয়লৈ আদৰণি জনোৱাৰ এক পদক্ষেপ। এই প্ৰচেষ্ঠাৰ ফলত দুয়োখন দেশৰ মাজত শৈক্ষিক সম্পৰ্ক যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা।



পূৰ্বৰ টুইটাৰ পোষ্টযোগে ৰাষ্ট্ৰপতি মেক্ৰনে কয় যে এই পৰিকল্পনা ভাৰতৰ সৈতে ফ্ৰান্সৰ সম্পৰ্ক শক্তিশালী কৰাৰ “অভিলাষী” প্ৰচেষ্টাৰ এক অংশ লগতে মেক্ৰনে কয় যে আমি ৰাজহুৱা বিদ্যালয়ত "ফ্ৰেঞ্চ ফৰ অল, ফ্ৰেঞ্চ ফৰ এ বেটাৰ ফিউচাৰ" নামৰ এক পদক্ষেপেৰে ফৰাচী ভাষা শিকিবলৈ নতুন পথ আৰম্ভ কৰিছো । 



ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ফ্ৰান্সত অধ্যয়ন কৰা প্ৰাক্তন ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভিছা প্ৰক্ৰিয়া সুশৃংখলিত কৰা হ’ব, যাৰ ফলত তেওঁলোকৰ উভতি অহা প্ৰক্ৰিয়া সহজ হৈ পৰিব। ফ্ৰান্সে ২০২৫ চনৰ ভিতৰত প্ৰথমে ২০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লক্ষ্য লৈছে আৰু ২০৩০ চনৰ ভিতৰত ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক  আদৰণি জনোৱাৰ বাবে মঞ্চ তৈয়াৰ কৰিছে।



ইতিমধ্যে ফ্ৰান্স চৰকাৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সত অধ্যয়ন সহজ কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৮ চনত ই "কেম্পাছ ফ্ৰান্স" নামৰ এক কাৰ্যসূচী আৰম্ভ কৰে যিয়ে ফ্ৰান্সত অধ্যয়ন কৰিবলৈ আগ্ৰহী ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক তথ্য আৰু সহায় আগবঢ়ায়। ফ্ৰান্সত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০ শতাংশ বৃদ্ধি পাইছে বুলি সদৰি কৰে।


Related

TWITTER

FACEBOOK