অত্যধিক স্মাৰ্ট ফোনৰ ব্যৱহাৰ কেঞ্চাৰৰ লক্ষণ ! কি ওলাল WHO ৰ প্ৰতিবেদনত?

DY365
DY365
Published: September 6,2024 02:53 PM
DY365

Story highlights

অত্যধিক স্মাৰ্ট ফোনৰ ব্যৱহাৰ কেঞ্চাৰৰ লক্ষণ ! কি ওলাল WHO ৰ প্ৰতিবেদনত?

 ৬ চেপ্তেম্বৰ,২০২৪-   অত্যাধিক স্মাৰ্ট ফোনৰ ব্যৱহাৰ কেঞ্চাৰৰ লক্ষণ ! কি ওলাল WHO ৰ প্ৰতিবেদনত?



অত্যাধিক মবাইল ফোনৰ ব্যৱহাৰে আমাৰ টোপনি নষ্ট কৰে, শৰীৰ আৰু মনত বেয়া প্ৰভাৱ পেলায়। কিন্ত অত্যাধিক মবাইল ফোনৰ ব্যৱহাৰ কেঞ্চাৰৰ লক্ষণ নহয়। স্মাৰ্ট ফোন আৰু মগজুৰ কেঞ্চাৰৰ মাজত কোনো সম্পৰ্ক নাই।  WHO ৰ এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। অৰ্থাত WHO য়ে স্মাৰ্ট ফোন আৰু মগজুৰ কেঞ্চাৰৰ মাজত কোনো  সম্পৰ্ক বিছাৰি  পোৱা নাই।
অষ্ট্ৰেলিয়াৰ ৰেডিয়চন প্ৰটেকচন এণ্ড নিউক্লিয়াৰ ছিকিউৰিটি এজেন্সীৰ নেতৃত্বত মোবাইল ফোন আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত পৰ্যালোচনা কৰা হৈছিল। আৰু এই গৱেষণাৰ সৈতে জড়িত অধ্যাপক কেন কাৰিপিডিছে কয় যে কেইবাটাও স্তৰত অনুসন্ধানৰ অন্তত ম’বাইল ফোনে  মগজুৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ কোনো প্ৰমাণ পোৱা নাই। 
লগতে অধ্যাপক কাৰিপিডিছে কয় যে আমি ফোন কৰাৰ সময়ত ফোনটো মূৰৰ ওচৰতে ৰাখোঁ,  সেয়েহে ইয়াৰ পৰা নিৰ্গত বিকিৰণে মগজুৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে বুলি চিন্তা কৰা হৈছে। আৰু আমি এই গৱেষণাৰ বিষয়ে সম্পূৰ্ণ নিশ্চিত হ’ব নোৱাৰো,  সেয়েহে মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ এৰাই চলিব লাগে, কাৰণ ইয়াৰ ফলত আন বহু বিপদৰো সৃষ্টি হয়।


Related

TWITTER

FACEBOOK