১৬ জানুৱাৰী, ২০২৩ঃ আধৰুৱা হৈ ৰ'ল এটি সপোন। স্বামীৰ দৰেই আধৰুৱা হৈ ৰ'ল অঞ্জুৰ সপোন। ১৬ বছৰৰ আগতে বিমান দুৰ্ঘটনাত স্বামীক হেৰুৱাইছিল অঞ্জুয়ে। পাইলট হোৱাৰ সপোন আছিল অঞ্জুৰো। কিন্তু সেই সপোন যেন সপোন হৈয়ে ৰ'ল!
নেপালত দুৰ্ঘটনাত পতিত হোৱা বিমানৰ সহকাৰী পাইলটৰ দায়িত্বত আছিল অঞ্জু খাতিৱাড়া। বিমানখন অৱতৰণৰ পিছতে অঞ্জুয়ে লাভ কৰিলেহেঁতেন পাইলটৰ লাইচেঞ্চ। পোখৰাৰ পৰা কাঠমাণ্ডুলৈ উৰা মৰাৰ সময়তে দেওবাৰে দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।
দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬৮ জন যাত্ৰী লগতে আছিল চাৰিজন কৰ্মচাৰী। বিমানখনত ৬টা শিশুসহ পোন্ধৰজন বিদেশী আছিল। এয়াৰলাইনছে এক বিবৃতিত কয় যে বিমানখনত ৫৩ জন নেপালী, ৫ জন ভাৰতীয়, ৪ জন ৰাছিয়ান, ২ জন কোৰিয়ান, ১ জন আৰ্জেন্টিনা আৰু আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ এজনকৈ আছিল বিমানখনত।
উল্লেখ্য যে পাইলট হ'বলৈ এজনক কমেও ১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন। সহ-পাইলট অঞ্জুৱে পূৰ্বতে নেপালৰ প্ৰায় সকলো বিমানবন্দৰত সফলতাৰে অৱতৰণ কৰিছিল।
সফল অৱতৰণৰ পিছত অঞ্জুৱে দেওবাৰে লাইচেঞ্চ লাভ কৰিহেতেন অঞ্জুয়ে। অৱশ্যে তাইৰ লক্ষ্যৰ পৰা মাত্ৰ ১০ ছেকেণ্ড দূৰত বিমানখন ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ লগে লগে সপোনবোৰ খহি পৰিছিল অঞ্জুৰ। এই খবৰে এতিয়া বিশ্বজুৰি পেলাইছে শোকৰ ছাঁ !
ইউনিয়নৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দেওবাৰে সংঘটিত দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে। "নেপালত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। শোকসন্তপ্ত সকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা। ওম শান্তি," তেওঁ টুইট কৰিছিল।