ক্লিনিকেলী ডেড! মৃত্যুৰ ৪০ মিনিট পাছত অবিশ্বাস্য ভাৱে জী উঠিল মহিলা। শিহৰণকাৰী বৰ্ণনা...

DY365
DY365
Published: January 4,2024 06:26 PM
DY365

Story highlights

স্পন্দনহীন শৰীৰ! ‘যমৰ ঘৰত’ ৪০ মিনিট সময় কটোৱাৰ পাছত পুনৰ জী উঠিল এগৰাকী মহিলা। সকলো অলৌকিক ঘটনাৰ সাক্ষী হৈ ৰৈছিল মহিলাগৰাকী। সেই ৪০ মিনিট সময়ত কি হৈছিল কাৰ্ষ্টিৰ লগত?

৪ জানুৱাৰী,২০২৪ঃ স্পন্দনহীন শৰীৰ! ‘যমৰ ঘৰত’ ৪০ মিনিট সময় কটোৱাৰ পাছত পুনৰ জী উঠিল এগৰাকী মহিলা। সকলো অলৌকিক ঘটনাৰ সাক্ষী হৈ ৰৈছিল মহিলাগৰাকী। সেই ৪০ মিনিট সময়ত কি হৈছিল কাৰ্ষ্টিৰ লগত? কিছুমান অদ্ভুত অনুভৱ কৰিছিল কাৰ্ষ্টিয়ে। স্থানীয় বাতৰি কাকত দ্য মেট্ৰ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সেই সময়ত বিভিন্ন ধৰণৰ বস্তু দেখা বুলি দাবী কৰে কাৰ্ষ্টিয়ে। 



যমৰ দুৱাৰৰ পৰা জীৱন্তে উভতি অহাৰ কাহিনী বহুতে শুনিছে। কিন্তু যমৰ ঘৰত প্ৰৱেশ কৰি তাত কিছু সময় কটাই, ঠাইখনত পোৱা যত্ন-শুশ্ৰষা লৈ ওলাই অহা? এনেকুৱা কেতিয়াবা শুনিছেনে? লণ্ডনৰ ইয়ৰ্কশ্বাৰৰ বাসিন্দা কাৰ্ষ্টি বৰ্টফ্টৰ ক্ষেত্ৰত এনেকুৱা ঘটনা সংঘটিত হৈছে। যমৰ ঘৰত প্ৰৱেশ কৰি পুনৰ তাৰ পৰা ওলাই আহিল কাৰ্ষ্টি। মৃত্যু হৈছিল কাৰ্ষ্টি। এক অতি বাস্তৱিক মৃত্যু। চিকিৎসাৰ ক্ষেত্ৰত মৃত্যুৰ অৰ্থ যি ঠিক তেনেকুৱাই হৈছিল কিষ্টিৰ লগত। যাক ‘ক্লিনিকেলি ডেড’ বুলি কোৱা হয়। কিন্তু কোনো অদ্ভুত যাদুৰ দ্বাৰা প্ৰায় ৪০ মিনিট মৃত অৱস্থাত পৰি থকা মহিলাগৰাকী পুনৰ প্ৰাণ পাই উঠিল।



নর্থ ইয়ৰ্কশ্বাৰৰ স্কাৰবাৰ’ৰ বাসিন্দা কাৰ্ষ্টি বৰ্টফ্ট। ঘৰত কাৰ্ষ্টিৰ স্বামীৰ লগতে আছে তিনিটা ল’ৰা-ছোৱালীও। সেই নিশা স্বামী ষ্টুৰ সৈতে কাৰ্ষ্টিয়ে এক সুন্দৰ সময় কটাবলৈ পৰিকল্পনা কৰিছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। স্বামী ষ্টুয়ে ঘৰত প্ৰৱেশ কৰোতেই কাৰ্ষ্টিৰ নিথৰ স্পন্দনহীন শৰীৰ চোফাত পৰি থকা দেখিছিল। ততাতৈয়াকৈ কিষ্টিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ডাক্তৰেও হাৰ মানিবলৈ বাধ্য হয়। হাৰ্ট এটেক্ট হৈছিল কিৰ্ষ্টিৰ আৰু তেতিয়াৰ পৰাই তেওঁ ক’মাত আছিল। বিশেষ একো নাই, মানসিকভাৱে প্ৰস্তুতি চলাবলৈ ডাক্তৰে স্বামীক পৰামৰ্শ আগবঢ়াই। এই অৱস্থাৰ পৰা কাৰ্ষ্টিক ঘূৰাই অনা সম্ভৱ নহয় বুলি চিকিৎসকে স্বামীক জনায়। কিন্তু প্ৰায় ৪০ মিনিট ধৰি ‘মৃত’ হৈ থকা কাৰ্ষ্টি পুনৰ জী উঠিল। ক’মাৰ পৰা সাৰ পাই উঠিল কাৰ্ষ্টি।



কিন্তু সেই ৪০ মিনিটত কাৰ্ষ্টিৰ সৈতে কি হৈছিল? সেই সময়ত কাৰ্ষ্টিৰ কিছুমান অদ্ভুত অনুভৱ হৈছিল। স্থানীয় বাতৰি কাকত দ্য মেট্ৰ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাৰ্ষ্টিয়ে সেই সময়ত বিভিন্ন ধৰণৰ বস্তু দেখা বুলি দাবী কৰে। তেওঁৰ ছালত কিছুমান অদ্ভুত আৰ্হি দেখিবলৈ পোৱা গৈছিল। সেই ৪০ মিনিটত তেওঁ বহু পৰিঘটনা প্ৰত্যক্ষ কৰিছিল।  



কাৰ্ষ্টিৰ এজন বন্ধু আছে যিয়ে অলৌকিক বিষয়ে চৰ্চা কৰে। নিশ্চিত মৃত্যুৰ পৰা উভতি অহাৰ পিছত কাৰ্ষ্টিয়ে গম পায় যে সেই সময়ছোৱাত তাইৰ ভনীয়েকে বন্ধুজনৰ সৈতে যোগাযোগ কৰিছিল। সেই ৪০ মিনিটত কি হৈছিল পৰৱৰ্তী সময়ত কাৰ্ষ্টিৰ বন্ধুৱে তাইক সেই কথা অৱগত কৰে। কাৰ্ষ্টিৰ ভনীয়েকে বন্ধুজনৰ লগত যোগাযোগ কৰিছিল আৰু জানিব বিচাৰিছিল বায়েক কাষ্টিৰ সৈতে কি ঘটি আছে? কাৰ্ষ্টীয়ে দাবী কৰে যে সেই সময়ত বন্ধুজনে জনাইছিল যে কাৰ্ষ্টিৰ আত্মাই তেওঁৰ ওচৰলৈ গৈছে। তেওঁৰ ঘৰত কাৰ্ষ্টিক আত্মাই ক’লে যে তাই দেউতাক আৰু সন্তানৰ বাবে কি কৰিব বিচাৰে তাৰ এখন তালিকা বনাব। দ্য মেট্ৰ’ৰ প্ৰতিবেদন অনুসৰি, কাৰ্ষ্টিৰ আত্মাই তাইৰ বন্ধুক কৈছিল তেওঁৰ শৰীৰটো প্ৰায় শেষ হৈ গৈছে আৰু জীয়াই থকাৰ কোনো সম্ভাৱনা নাই। কিন্তু বন্ধুজনে নিজকে শক্তিশালী কৰি ৰাখি উভতি যাবলৈ কয়। কাৰ্ষ্টিৰ নিৰ্জীৱ মৃতদেহটো হস্পিতালত পৰি থকাৰ সময়তে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল।



ইফালে যেতিয়া কাৰ্ষ্টিয়ে চেতনা ঘূৰাই পায়, যেতিয়া তাই পুনৰ ক’মাৰ পৰা সাৰ পাই উঠে। তেতিয়া আন এটা ‘অলৌকিক’ ঘটনা সংঘটিত হয়। আচৰিত কথাটো হ’ল স্কেন ৰিপ’ৰ্টত কাৰ্ষ্টিৰ হৃদযন্ত্ৰ বা হাওঁফাওঁৰ প্ৰায় কোনো সমস্যা দেখা পোৱা গ’ল। কাৰ্ষ্টিয়ে দ্য মেট্ৰ’ক কয় যে মই বুজি উঠিছিলো যে মোৰ মৃত্যু নহয়। কেৱল মানুহৰ শৰীৰটো নাইকিয়া হৈ যায়। কিন্তু কাম তেতিয়াও ৰৈ যায়।”


Related

TWITTER

FACEBOOK