এটা গেছ চিলিণ্ডাৰৰ মূল্য ৩৫৩০ টকা। আৰু হ'ব দামবৃদ্ধি

DY365
DY365
Published: September 11,2024 06:57 PM
DY365

Story highlights

এটা গেছ চিলিণ্ডাৰৰ মূল্য ৩৫৩০ টকা। আৰু হ'ব দামবৃদ্ধি

১১ চেপ্তেম্বৰ,২০২৪-  এটা গেছ চিলিণ্ডাৰৰ মূল্য ৩৫৩০ টকা। আৰু হ'ব দামবৃদ্ধি



অৰ্থনৈতিক সংকটে চৰমসীমা পাইছে পাকিস্তানত। সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে পাকিস্তানী জনতাক। পাকিস্তানত এতিয়া প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যই আকাশ চুইছে। একপ্ৰকাৰ এতিয়া দৰিদ্ৰতাৰ সৈতে যুঁজ দি আছে পাকিস্তানে। দালি, চেনি, তেল, গাখীৰ, আটা আদি সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়তে পাকিস্তানক এটা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য হ'ল ৩৫৩০ টকা। খবৰ অনুসৰি পাকিস্তানৰ অধিকাংশ জনতাই অত্যাধিক দামৰ বাবে ক্ৰয় কৰিব নোৱাৰে চিলিণ্ডাৰ, যাৰ বাবে এই লোকসকলে প্লাষ্টিকৰ পাতল আৱৰণত ২ কেজি ওজনৰ গেছ চিলিণ্ডাৰ ক্ৰয় কৰে।


Related

TWITTER

FACEBOOK