ব্যৰ্থতা! ৰাইজে ধৰি দিয়া চোৰক ধৰি ৰাখিব নোৱাৰিলে আৰক্ষীয়ে

DY365
DY365
Published: September 7,2024 12:57 PM
DY365

Story highlights

চোৰৰ উপদ্ৰৱে টোপনি হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনতাৰ। এইবাৰ আকৌ ৰাইজে ধৰি দিয়া চোৰ ধৰি ৰখাটো ব্যৰ্থ হ'ল আৰক্ষী।

৭ছেপ্তেম্বৰ,২০২৪: চোৰৰ উপদ্ৰৱে টোপনি হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনতাৰ। চোৰৰ বাবে  উজাগৰী নিশা কটাবলগীয়া হয় জনতাই কাৰন চোৰ ধৰাত প্ৰায়ে ব্যৰ্থ হয় অসম আৰক্ষী।



এইবাৰ আকৌ ৰাইজে ধৰি দিয়া চোৰ ধৰি ৰখাটো ব্যৰ্থ হ'ল আৰক্ষী।  নিশা গৰুখুটিৰ চলাদলৰ ৰাইজে  চাৰিখনকৈ বাইকসহ দুটা চোৰক ধৰি ছিপাঝাৰ আৰক্ষীক গটাই দিছিল। বিশেষ সূত্ৰৰ খবৰ মতে,  ছিপাঝাৰৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত নিশা চোৰ দুটাৰ  স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু  পিছত থানা লৈ যোৱা হৈছিল কিন্তু থানাৰ পৰাই পলায়ন কৰে চোৰ দুটাই। থানাৰ পৰা পলায়ন কৰা অভিযুক্তৰ নাম হ'ল নিৰ্মল ডেকা  আৰু নয়ন ডেকা ।  থানাৰ পৰা চোৰ পলায়নৰ ঘটনাক কেন্দ্ৰ কৰি   থানা চৌহদৰ ভিতৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 


Related

TWITTER

FACEBOOK