বিপদত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, MUDA ভূমি কেলেংকাৰিক লৈ তদন্তৰ অনুমতি ৰাজ্যপালৰ

DY365
DY365
Published: August 17,2024 03:02 PM
DY365

Story highlights

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াৰ বিৰুদ্ধে চলিব ভূমি কেলেংকাৰিৰ তদন্ত

১৭ আগষ্ট,২০২৪: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়াৰ বিৰুদ্ধে চলিব গোচৰ। ছিদ্দাৰামায়াৰ বিৰুদ্ধে চলিব ভূমি কেলেংকাৰিৰ তদন্ত। কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলটে দিছে গোচৰৰ তদন্তৰ অনুমতি। 



MUDA ভূমি কেলেংকাৰিক লৈ RTI কৰ্মীৰ অভিযোগৰ ভিত্তিত  ৰাজ্যপাল থাৱাৰচন্দ গেহলটে গোচৰৰ তদন্তৰ অনুমতি  দিছে। 



MUDAৰ পৰা ছিদ্দাৰামায়াৰ পত্নীয়ে ভূমি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।  পত্নীৰ মাটিৰ তথ্য নিৰ্বাচনী শপতনামাত দাখিল কৰা নাছিল ছিদ্দাৰামায়াই। RTIযোগে প্ৰাপ্ত তথ্যত ফাদিল এই কেলেংকাৰিৰ সবিশেষ। গোচৰ চলাবলৈ অনুমতি দিলে ৰাজ্যপাল গেহলটে
ৰাজ্যপালৰ অনুমতিক সমালোচনা কৰিছে কংগ্ৰেছে। শনিবাৰে কৰ্ণাটকত ৰাজ্যজুৰি ইয়াক লৈ  কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। ৰাজ্যপালৰ অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছ। ছিদ্দাৰামায়াৰ পত্নীৰ কম মূল্যৰ মাটিৰ বিনিময়ত মুদাই দিছিল মূল্যৱান মাটি। 

 


Related

TWITTER

FACEBOOK