পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা, থিতাতে নিহত ১৭ জন

DY365
DY365
Published: September 7,2024 01:37 PM
DY365

Story highlights

পুনৰ  দেশ কঁপাই গল এক ভয়ংকৰ বাছ দুৰ্ঘটনাই । শোকাৱহ বাছ  দুৰ্ঘটনাত থিতাতে নিহত  ১৭ জনকৈ লোক।

৭ছেপ্তেম্বৰ,২০২৪:  পুনৰ  দেশ কঁপাই গল এক ভয়ংকৰ বাছ দুৰ্ঘটনাই । শোকাৱহ বাছ  দুৰ্ঘটনাত থিতাতে নিহত  ১৭ জনকৈ লোক। উত্তৰ প্ৰদেশৰ হাথৰাছৰ সমীপৰ আগ্ৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপত সংঘটিত হয় এই ভয়ংকৰ   দুৰ্ঘটনাটো। মৃত ব্যক্তি সকলৰ মাজত আছিল কেইবাগৰাকীও মহিলা আৰু শিশু। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ১৬ জনক। বাছ আৰু ভানৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।  



নিহত সকলৰ ভিতৰত আছিল ৪টা শিশু। থৰাছৰ আৰক্ষী অধীক্ষক নিপুন আগৰৱালাই কয় যে,  "আগৰা-আলিগড় ৰাষ্ট্ৰীয় ঘাইপথত বাছখনে অভাৰটেক কৰি ভ্যানত খুন্দা মৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনাটো।" দুৰ্ঘটনাত পতিত হোৱা যাত্ৰী সকলৰ সন্ধান উলিয়াবলৈ বৰ্তমানেও চেষ্টা অব্যাহত  ৰাখিছে আৰক্ষী  প্ৰশাসনে ।  
 



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স হেণ্ডেলৰ জৰিয়তে,  দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে। 


Related

TWITTER

FACEBOOK