১৭ জানুৱাৰী ২০২৫- চিম কাৰ্ডৰ এটা চুক কিয় কটা থাকে?
বৰ্তমান সময়ত যোগাযোগ ব্যৱস্থাৰ মূল মাধ্যম হৈছে মবাইল ফোন। মবাইল ফোন অবিহনে বৰ্তমান সকলো আধৰুৱা। এই মবাইল ফোনৰে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে চিম কাৰ্ড। কাৰণ চিম কাৰ্ড থাকিলেহে আপোনাৰ ফোনটো সক্ৰিয় বা ব্যৱহাৰৰ উপযোগী হৈ থাকিব। আপুনি নিশ্চয় চিম কাৰ্ডৰ আকৃতি লক্ষ্য কৰিছে। আপুনি কেতিয়াবা ভাবিছেনে চিম কাৰ্ডৰএটা চুক কিয় কাটি দিয়া হয়?
নিশ্চয় আমাৰ মাজৰ অতি কম সংখ্যকেহে গম পাব যে চিমৰ এটা অংশ এনেকৈ কাটি দিয়াৰ মূল কাৰণ হৈছে যাতে চিমখন মোবাইল ফোনৰ সঠিক ঠাইত উপযুক্তভাৱে স্থাপন কৰিব পৰা যায়। চিমবোৰ এইবাবেই এনেদৰে ডিজাইন কৰা হৈছে যাতে চিমটো ওলোটাকৈ আছে নে উলম্বভাৱে আছে সেইটো চিনাক্ত কৰিব পাৰি। যদি মানুহে চিমটো ওলোটাকৈ সুমুৱাই দিয়ে তেন্তে ইয়াৰ চিপটো নষ্ট হোৱাৰ আশংকা থাকে।
চিম কাৰ্ডৰ ডিজাইন ISO- অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি চিমৰ আকৃতি এনেদৰে তৈয়াৰ কৰা হয়। এটা চুক কাটিব পৰা বিষয়টোও আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ঠিক কৰিব লাগে। যাতে যিকোনো কোম্পানীৰ ফোনত ব্যৱহাৰ কৰিব পৰা যায়।