টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছে BCCI

DY365
DY365
Published: January 17,2025 07:04 PM
DY365

Story highlights

টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছে BCCI

 ১৭ জানুৱাৰী ২০২৫-  টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছে BCCI



টীম ইণ্ডিয়াই শেহতীয়াভাৱে কেইবাটাও শৃংখলাত ধাৰাবাহিকভাৱে কৰা দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছে BCCI তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ড। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়, নিউজিলেণ্ডৰ বিৰুদ্ধে গৃহভূমিতে হোৱাইটৱাশ্ব, তাৰ পিছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলা হেৰুৱাই WTC ফাইনেলৰ আশাত চেঁচাপানী পৰা টীম ইণ্ডিয়াৰ ড্ৰেছিংৰুমৰ বহু কথাই সংবাদমাধ্যমৰ পোহৰলৈ আহিছিল।  মেলবৰ্ণ টেষ্টত টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰাৰ পিছতেই অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পণ্টকে ধৰি কেইবাগৰাকীও ক্ৰিকেটাৰৰ ওপৰত খৰ্গহস্ত হৈছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। এক প্ৰতিবেদন অনুসৰি গম্ভীৰে দলটোক ‘বহুত হো গয়া’ বুলি তীব্ৰ ভাষাৰে সমালোচনাও কৰিছিল। ইয়াৰ উপৰিও ‘মিষ্টাৰ ফিক্স ইট’ নামৰ এজন ক্ৰিকেটাৰে যশপ্ৰীত বুমৰাহক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰি, নিজকে অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছিল। এনেকুৱা ধৰণৰ বহু কথাই সংবাদমাধ্যমৰ সম্মুখলৈ আহিছিল। 
 ইয়াৰ পিছতেই BCCIৰ পৰ্যালোচনা বৈঠকত খেলুৱৈ আৰু টীম ইণ্ডিয়াৰ ষ্টাফৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ডে। এই নিয়মবোৰ হ'ল-



ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা প্ৰতিগৰাকী খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।



অনুশীলনৰ পৰা আৰম্ভ কৰি খেললৈকে সকলো সময়তে খেলুৱৈসকলে একেলগে যাত্ৰা কৰিব লাগিব। অনুমতি অবিহনে পৰিয়ালৰ সৈতে খেলুৱৈয়ে পৃথকে যাত্ৰা কৰিব নোৱাৰিব।



বিচিচিআইয়ে খেলুৱৈৰ সামগ্ৰীৰ ক্ষেত্ৰতো সীমা নিৰ্ধাৰণ কৰিছে। কোনো শৃংখলাৰ বাবে ভ্ৰমণৰ সময়ত যদি তেওঁলোকে সীমাৰ বাহিৰত সামগ্ৰী নিব বিচাৰে, তাৰ বাবে নিজাকৈ খৰচ বহন কৰিব লাগিব।



এতিয়াৰ পৰা কোনো খেলুৱৈয়ে শৃংখলাৰ সময়ত নিজৰ ব্যক্তিগত কৰ্মচাৰী যেনে চেফ, পাৰ্চনেল মেনেজাৰ, প্ৰশিক্ষক, সচিব বা কোনো সহায়ক লগত লৈ যাব নোৱাৰে। 



খেলুৱৈসকলে বাংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সলৈ যিকোনো ব্যক্তিগত সামগ্ৰী বা সঁজুলি প্ৰেৰণ কৰিবলৈ দল পৰিচালনাৰ সৈতে কথা পাতিব লাগিব। যদি কোনো অতিৰিক্ত খৰচ হয়, তেন্তে তেওঁলোকে নিজেই বহন কৰিব লাগিব।



এতিয়াৰ পৰা খেলুৱৈসকলে অনুশীলনৰ সময়ত একেলগে থাকিব লাগিব আৰু একেলগে যাত্ৰা কৰিব লাগিব। সময়ৰ পূৰ্বে কোনো খেলুৱৈয়ে অনুশীলন এৰিব নোৱাৰিব।



ভ্ৰমণ বা শৃংখলাৰ সময়ত খেলুৱৈয়ে ব্যক্তিগত বিজ্ঞাপন শ্বুটিং কৰিব নোৱাৰিব।



যদি দলে ৪৫ দিন বা তাতকৈ অধিক সময় বিদেশ ভ্ৰমণলৈ যায়, তেন্তে যিকোনো খেলুৱৈৰ পত্নী, সংগী বা পৰিয়ালে তেওঁৰ লগত মাত্ৰ ১৪ দিনহে থাকিব পাৰিব। এই সময়ছোৱাত তেওঁলোকৰ থকাৰ বাহিৰে আন কোনো খৰচ বিচিচিআইয়ে বহন নকৰে।



BCCIৰ যিকোনো অনুষ্ঠানত প্ৰতিগৰাকী খেলুৱৈ উপস্থিত থকাটো বাধ্যতামূলক।



ইয়াৰ উপৰিও যদি মেচ বা শৃংখলা সোনকালে শেষ হয়, তেতিয়া সকলোৱে নিৰ্দিষ্ট পৰিকল্পনা অনুসৰিয়েই যাত্ৰা কৰিব লাগিব। সময়ৰ পূৰ্বে কোনো সদস্যই দল এৰিব নোৱাৰে, অৰ্থাৎ প্ৰতিগৰাকী সদস্য দলৰ লগত থাকিব লাগিব।


TWITTER

FACEBOOK