কোটি কোটি বছৰ আগতে মংগল গ্ৰহত জীৱই বসবাস কৰিছিল । মহাকাশ বিজ্ঞান সংস্থাৰ চাঞ্চল্যকৰ তথ্য !

DY365
DY365
Published: September 8,2024 09:45 PM
DY365

Story highlights

কোটি কোটি বছৰ আগতে মংগল গ্ৰহত জীৱই বসবাস কৰিছিল । মহাকাশ বিজ্ঞান সংস্থাৰ চাঞ্চল্যকৰ তথ্য !

চেপ্তেম্বৰ ৮,২০২৪-  কোটি কোটি বছৰ আগতে মংগল গ্ৰহত জীৱই বসবাস কৰিছিল । মহাকাশ বিজ্ঞান সংস্থাৰ চাঞ্চল্যকৰ তথ্য !




মহাকাশৰ জগতখন এতিয়াও মানুহৰ বাবে এক ৰহস্যৰ আৱৰ্তত। পৃথিৱীৰ বাহিৰত জীৱ জীয়াই থকা সম্ভৱনে, ইয়াক লৈ মহাকাশ  সংস্থাসমূহে  বিভিন্ন অভিযানৰ জৰিয়তে গৱেষণা অব্যাহত ৰাখিছে। এই উদ্দেশ্যেৰে  ইউৰোপীয় মহাকাশ সংস্থাই ২০১৬ চনত মংগল গ্ৰহত জীৱন ধৰা পেলাবলৈ এক্স’মাৰ্ছ অভিযান আৰম্ভ কৰিছিল।
ইয়াৰ অধীনত ২০১৬ চনত প্ৰথমখন ট্ৰেচ গেছ অৰ্বিটাৰ উৎক্ষেপণ কৰা হয়। এতিয়া মহাকাশ সংস্থাটোৱে এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছে , যত কোৱা হৈছে যে কোটি কোটি বছৰৰ আগতে মংগল গ্ৰহত জীৱন আছিল। 
মহাকাশ সংস্থাৰ মংগল অভিযানে এনে এখন ছবি প্ৰেৰণ কৰিছে যি সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ সময়ত সংস্থাটোৱে ইয়াৰ আঁৰৰ ৰহস্যও কৈছে যিয়ে কোটি কোটি বছৰৰ আগৰ গ্ৰহটোত জীৱনৰ অস্তিত্বৰ ইংগিত দিয়ে।


Related

TWITTER

FACEBOOK