মহাকুম্ভ মেলাত এইবাৰ ‘কবুতৰ ৱালে বাবা’

DY365
DY365
Published: January 17,2025 07:44 PM
DY365

Story highlights

মহাকুম্ভ মেলাত এইবাৰ ‘কবুতৰ ৱালে বাবা’

 ১৭ জানুৱাৰী ২০২৫-  মহাকুম্ভ মেলাত এইবাৰ ‘কবুতৰ ৱালে বাবা’



উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাই প্ৰতিদিনেই সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। 'চাইৱালা বাবা', 'আই আই টি বাবা', 'মাস্কুলাৰ বাবা'ৰ পিছত এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ দৃষ্টি আকৰ্ষণ কৰিছে 'কবুতৰ ৱালে বাবা'ই। 
কবুতৰ ৱালে বাবাৰ প্ৰকৃত নাম হৈছে মহন্ত ৰাজপুৰীজী মহাৰাজ। বগা পাৰ চৰাই এটা সদায় তেওঁৰ মূৰত বহি থাকে। মূৰৰ জটিলতাত পাৰ চৰাইটোৱে ‘বাহ’ লৈছে। মহন্ত ৰাজপুৰীজী মহাৰাজে দাবী কৰা অনুসৰি বিগত ৯ বছৰে বাবাৰ মূৰত চৰাইটো আছে। সেইবাবেই তেওঁ মহাকুম্ভ মেলাত ‘কবুতৰ ৱালে বাবা’ নামেৰে পৰিচিত হৈছে।
উল্লেখ্য যে মহাকুম্ভ মেলা  আৰম্ভ হোৱাৰ লগে লগে কেইবাজনো ‘বাবা’ক লৈ কৌতুহল আৰু উন্মাদনা বাঢ়িছে। তাৰ ভিতৰত আছে ‘চাইৱালা বাবা’। ‘চাইৱালা বাবা’ই কিন্তু চাহ বিক্ৰী নকৰে।  চাহহে তেওঁৰ পেট ভৰাই থোৱাৰ একমাত্ৰ সম্পদ। সেইবাবেই তেওঁক ‘চাইৱালা বাবা’ বুলি কোৱা হয়। এই ‘চাইৱালা বাবা’ই কুম্ভমেলাৰ খেলপথাৰত বহি অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলক অনলাইনত বিনামূলীয়াকৈ পাঠদান কৰি আছে।
আন এজন দৃষ্টি আকৰ্ষণ কৰা বাবা আছিল ‘আই আই টি বাবা’। কাৰণ, তেওঁ দেশৰ বিখ্যাত শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ৰ পৰা অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ আধ্যাত্মিকতাৰ পথ বাছি লৈছিল।
এনেদৰেই প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমত ডুব যাবলৈ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাবাসকল। কবুতৰ ৱালে বাবাই কোৱা অনুসৰি পাৰ চৰাইটোৱে বিগত ৯ বছৰ ধৰি মূৰত বহি আছে। চৰাইটোৱে সদায় তেওঁৰ লগতে থাকে। লগতে বাবাই কয় যে ‘জীৱৰ সেৱাই আটাইতকৈ ডাঙৰ ধৰ্ম’। বাবাৰ লগত পাৰ চৰাইটো দেখাৰ পিছত ভক্তসকলেও মন্ত্ৰমুগ্ধ হৈ পৰে। বাবাই কোৱা অনুসৰি পাৰ চৰাইটোৱে কেৱল কাজু বাদাম, আলমণ্ড আৰু ‘বিছলেৰী’ পানীহে খায়।


TWITTER

FACEBOOK