১৭ জানুৱাৰী ২০২৫- শৰীৰত Vitamin Cৰ অভাৱ হৈছে নেকি? খাওক এইসমূহ খাদ্য
Vitamin C আমাৰ শৰীৰৰ এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। Vitamin Cয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে, ছালখন সুস্থ কৰি ৰাখে, শৰীৰৰ ঘাঁ ভাল কৰে আৰু শৰীৰত আইৰণ শোষণ কৰাত সহায় কৰে। কিন্তু আমাৰ শৰীৰে নিজাববীয়াকৈ Vitamin Cৰ উৎপাদন কৰিব নোৱাৰে। গতিকে আমি প্ৰচুৰ পৰিমানে Vitamin C থকা খাদ্য খাব লাগে। যদি আমাৰ শৰীৰত Vitamin C ৰ অভাৱ হয়, তেনেহলে শৰীৰত বহু নেতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা যায়।
আমাৰ শৰীৰত Vitamin Cৰ অভাৱ হলে এইসমূহ লক্ষণে দেখা দিয়ে-
ক্লান্তি আৰু দুৰ্বলতা
ভিটামিন চিৰ অভাৱত আপোনাৰ শৰীৰে ভাগৰুৱা আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। যদি আপুনি নিয়মিতভাৱে ভাগৰুৱা অনুভৱ কৰে তেন্তে ই ভিটামিন চিৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
ছালৰ সমস্যা
Vitamin Cৰ অভাৱত ছালৰ বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। Vitamin Cয়ে কলাজেন গঠনত সহায় কৰে, যিয়ে ছালত শক্তি আৰু নমনীয়তা প্ৰদান কৰে।
দাঁতৰ পৰা তেজ ওলোৱা
Vitamin Cৰ অভাৱত দাঁতৰ আলু ফুলিবলৈ আৰম্ভ কৰিব পাৰে আৰু তেজ ওলাবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও মুখৰ ঘা আদি সমস্যাও দেখা দিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত ভিটামিন চিয়ে ডাঙৰ ভূমিকা পালন কৰে। শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে শৰীৰ চৰ্দি, কাহ আদি সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল হ’ব পাৰে। এনে লোক সঘনাই অসুস্থ হৈ পৰিব পাৰে আৰু সুস্থ হ’বলৈ বেছি সময় লাগিব পাৰে।
হাড় আৰু গাঁঠিৰ বিষ
ভিটামিন চিৰ অভাৱত হাড় আৰু গাঁঠিৰ স্বাস্থ্যতো প্ৰভাৱ পৰিব পাৰে। ই হাড় দুৰ্বল কৰি গাঁঠিৰ বিষৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা এই বিষ অস্বাভাৱিকভাৱে তীব্ৰ হ’ব পাৰে।
পেশীৰ বিষ আৰু ফুলা
ভিটামিন চিৰ অভাৱত পেশীৰ বিষ আৰু ফুলা সমস্যা হ’ব পাৰে, যাৰ ফলত খোজ কঢ়াত অসুবিধা হ’ব পাৰে। বিশেষকৈ বয়সস্থ ৰোগীৰ ক্ষেত্ৰত এই অৱস্থা বেছিকৈ দেখা যায়।
ৰক্তহীনতা
Vitamin Cয়ে আইৰণ শোষণত সহায় কৰে। গতিকে Vitamin Cৰ অভাৱত শৰীৰত আইৰণৰ অভাৱ হ’ব পাৰে, যাৰ ফলত ৰক্তহীনতা হ’ব পাৰে। ইয়াৰ বাবে শৰীৰত ভাগৰুৱা, মূৰ ঘূৰোৱা আৰু দুৰ্বল অনুভৱ হ’ব পাৰে।
মানসিক সমস্যা
ভিটামিন চিয়ে মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। ইয়াৰ অভাৱত মেজাজৰ পৰিৱৰ্তন, হতাশা আৰু মানসিক চাপৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত স্নায়ুতন্ত্ৰতো প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত মানসিক স্বাস্থ্যৰ অৱনতি ঘটে।
শ্বাস-প্ৰশ্বাসজনিত সমস্যা
Vitamin Cৰ অভাৱেও শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে, যেনে হাঁপানীৰ অৱস্থা আৰু বেছি বেয়া হোৱা বা দীঘলকৈ উশাহ লোৱাত অসুবিধা হোৱা।
শৰীৰত Vitamin Cৰ অভাৱ দূৰ কৰিবলৈ প্ৰচুৰ পৰিমানে কমলা, নেমু, ষ্ট্ৰবেৰী,বিলাহী, কেপচিকাম, কচু আৰু ব্ৰকলি আদি খাব পাৰে। ইয়াৰ উপৰি আপুনি ওপৰত উল্লেখ কৰা যদি কোনো লক্ষণৰ সন্মুখীন হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। সুষম খাদ্য আৰু Vitamin C সমৃদ্ধ খাদ্য সেৱন কৰি আপুনি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।