১৬ জানুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াই লাভ কৰিব নতুন প্ৰশিক্ষক!
শীঘ্ৰেই টীম ইণ্ডিয়াই লাভ কৰিব নতুন প্ৰশিক্ষক। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বেই ভাৰতীয় দলত যোগদান কৰিব পাৰে এগৰাকী নতুন প্ৰশিক্ষকে। প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে গৃহভূমিত হোৱাইটৱাশ্ব, তাৰ পিছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলা হেৰুৱাই WTC ফাইনেলৰ আশাত চেঁচাপানী পৰা টীম ইণ্ডিয়াৰ প্ৰশিক্ষক সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শীঘ্ৰেই BCCIয়ে টীম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিব পাৰে সীতাংশু কোটকক। বৰ্তমান ইণ্ডিয়া A টীমৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সীতাংশু কোটকে। কোটকৰ মুখ্য প্ৰশিক্ষকৰ কালছোৱাত ইণ্ডিয়া A দলে বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে। প্ৰতিটো ভ্ৰমণতে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া A দলে।
বৰ্তমান প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি BCCIয়ে প্ৰশিক্ষক সলনিৰ কথা চিন্তা কৰিছে। BCCIয়ে ইণ্ডিয়া A টীমৰ মুখ্য প্ৰশিক্ষক সীতাংশু কোটকক টীম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিব পাৰে। বৰ্তমান টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে গৌতম গম্ভীৰে। BCCIৰ পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি সীতাংশু কোটকেই হ'ব টীম ইণ্ডিয়াৰ নতুন বেটিং প্ৰশিক্ষক।