১৬ জানুৱাৰী ২০২৫- শেষকৃত্যৰ বাবে সাজু হৈছিল পৰিয়াল, মৰ্গৰ পৰা উঠি আহিল মৃত ব্যক্তি!
এইবাৰ কেৰালাত সংঘটিত হৈছে এক আজৱ ঘটনা। হাস্পতালৰ মৰ্গৰ পৰা চিকিৎসকে মৃত ঘোষণা কৰা এজন ব্যক্তি উঠি অহাৰ পিছতেই সৃষ্টি হৈছে হুলস্থূলীয়া পৰিৱেশৰ। হাওঁফাওঁৰ সমস্যাৰ বাবে ৬৭ বছৰীয়া এজন ব্যক্তি ভৰ্তি হৈছিল কেৰালাৰ কান্নুৰৰ এখন চিকিৎসালয়ত। অশেষ প্ৰচেষ্টাৰ অন্তত বিফল হৈ চিকিৎসকে মৃত ঘোষণা কৰিছিল ব্যক্তিজনক। চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তিজনক নিশাটো মৰ্গত ৰখাৰ সিদ্ধান্ত লৈছিল। পৰিয়ালৰ লোকেও ব্যক্তিজনৰ শেষকৃত্যৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। ঠিক তেনে সময়তে হঠাৎ আঙুলি লৰচৰ হয় ব্যক্তিজনৰ। এনে কাণ্ড দেখাৰ পিছতেই আচৰিত হৈ পৰে সকলো। লগে লগে লোকজনক ভৰ্তি কৰোৱা হয় ICUত। বৰ্তমান চিকিৎসকে মৃত ঘোষণা ব্যক্তিজনৰ শাৰীৰিক অৱস্থা যথেষ্ট পৰিমানে উন্নত হোৱা বুলিও জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় জীৱিত ব্যক্তিক মৃত হিচাপে ঘোষণা কৰিলে হাস্পতাল কতৃপক্ষই?