১৬ জানুৱাৰী ২০২৫- অবিবাহিত লোকৰ এখন গাঁও, য'ত ৫০ বছৰে অনুষ্ঠিত হোৱা নাই বিয়া!
বিবাহ এক সামাজিক আৰু পৱিত্ৰ বান্ধোন। আমাৰ দেশত বিবাহ ব্যৱস্থাটোক বহু বেছি পৰিমানে প্ৰাধান্য দিয়া হয়। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এখন গাঁৱৰ কথা কম যিখন গাঁৱত বিগত ৫০ বছৰত অনুষ্ঠিত হৈছে মাত্ৰ এখন বিবাহ। আপোনালোকে শুনি আচৰিত হলেও এয়াই সছা। এই গাঁওখন হৈছে বিহাৰৰ বৰৱান কলন গাঁৱ। পাটনাৰ পৰা তিনিশ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখনত বিয়া কৰাবলৈ যে উপযুক্ত দৰাৰ অভাৱ তেনেকুৱাও নহয়, গাঁওখনৰ বেছিভাগ বিয়াৰ উপযুক্ত ডেকা লৰায়েই সুদৰ্শন আৰু যোগ্য স্নাতক। কিন্তু ইয়াৰ পিছতো এই গাঁৱখনৰ ডেকা লৰালৈ কোনো অভিভাৱকে নিজৰ ছোৱালীক বিয়া নিদিয়ে। যাৰ বাবে গাঁওখনৰ পুৰুষেসকলে নাৰী অবিহনে জীৱন কটাবলৈ বাধ্য হৈছে। বিহাৰৰ এই গাঁৱখনক "কুঁৱাৰো কা গাওঁ" বুলিও কোৱা হয়।
বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়। সেয়ে কোনো বিবাহ উপযুক্ত দৰাই চৰকাৰী চাকৰি লাভ কৰা বুলি অৱগত হ’লেই ছোৱালী পক্ষই বলপূর্বক তেওঁলোকৰ বিয়া পাতি দিয়ে। কিন্তু এইখন ৰাজ্যতে অৱস্থিত বৰৱান কলন গাঁৱৰ যুৱকসকলে অবিবাহিত হৈয়ে বার্ধক্যক আঁকোৱালি ল’বলগীয়া হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ প্ৰশাসন ব্যৱস্থা আৰু চৰকাৰৰ গাফিলতি। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই যুগতো গাঁওখন এতিয়াও বঞ্চিত হৈ আছে নিজৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা। গাঁওখনত এতিয়াও নাই বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট, বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা। এই গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগেই নাইকিয়া হৈ যায় মোবাইল নেটৱৰ্ক। যোগাযোগৰ কোনো ব্যৱস্থা নথকা এই গাঁৱখনত এইবিলাক কাৰণতেই কোনো অভিভাৱকে নিজৰ সন্তানক বিয়া নিদিয়ে।