বৰ্ষাপাৰাত ধোনীৰ যাদুকৰী ষ্টাম্পিং, হেলিকপ্টাৰ শ্বট চাবলৈ অপেক্ষাৰত ক্ৰিকেটপ্ৰেমী

DY365
DY365
Published: March 29,2025 04:45 PM
DY365

Story highlights

বৰ্ষাপাৰাত ধোনীৰ যাদুকৰী ষ্টাম্পিং, হেলিকপ্টাৰ শ্বট চাবলৈ অপেক্ষাৰত ক্ৰিকেটপ্ৰেমী

২৯ মাৰ্চ, ২০২৫-  বৰ্ষাপাৰাত ধোনীৰ যাদুকৰী ষ্টাম্পিং, হেলিকপ্টাৰ শ্বট চাবলৈ অপেক্ষাৰত ক্ৰিকেটপ্ৰেমী



মাজত আৰু কিছু সময়। তাৰ পিছতেই গুৱাহাটীত উপস্থিত হ'ব বিশ্ব ক্ৰিকেটৰ মহাতাৰকা মহেন্দ্ৰ সিং ধোনী। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কাইলৈ IPLৰ এখন হাইভল্টেজ খেলত ২২ গঁজৰ যুঁজত নামিব চেন্নাই চুপাৰ কিংছ। মহেন্দ্ৰ সিং ধোনীক চাবলৈ অধীৰ অপেক্ষাৰে অপেক্ষা কৰি আছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়ে। কাইলৈ সন্ধিয়া ৭.৩০ বজাৰ লগে লগে আৰম্ভ হ'ব চেন্নাই চুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মহাৰণ। ২২ গঁজত মহেন্দ্ৰ সিং ধোনীৰ সেই যাদুকৰী ষ্টাম্পিং, হেলিকপ্টাৰ শ্বট চাবলৈ অপেক্ষাৰত প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমী। বৰ্ষাপাৰাৰ খেলখনত অংশ লবলৈ আজি সন্ধিয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব চেন্নাই চুপাৰ কিংছৰ দলটো। IPL২০২৫ত এইপৰ্যন্ত দুয়োটা দলে দুখনকৈ মেচত অৱতীৰ্ণ হৈছে। য'ত চেন্নাই চুপাৰ কিংছে এখন মেচত জয়লাভ কৰাৰ বিপৰীতে আন এখনত পৰাজয়বৰণ কৰিছে। আনহাতে ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে প্ৰথম দুয়োখন মেচতেই পৰাজয়বৰণ কৰিছে। 



উল্লেখ্য যে IPLত এইপৰ্যন্ত দুয়োটা দলে ২৯ খনকৈ খেলত মুখামুখি হৈছে। য'ত চেন্নাই চুপাৰ কিংছে ১৬ খন খেলত জয়ী হোৱাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে ১৩ খন খেলত জয়লাভ কৰিছে।


Related

TWITTER

FACEBOOK