কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক অধিক গতিশীল কৰাৰ প্ৰয়াস পৰ্যটন উদ্যোগী অভিজিত গগৈৰ

DY365
DY365
Published: July 29,2024 01:38 PM
DY365

Story highlights

কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন বা গতানুগতিক এক ধাৰাৰ মাজত সীমাবদ্ধ ৰখাৰ বিপৰীতে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে অভিজিত গগৈয়ে৷

২৯জুলাই,২০২৪:গ্ৰাম্য পৰ্যটনেৰে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক অধিক গতিশীল কৰাৰ প্ৰয়াসৰে বিশেষ পদক্ষেপ পৰ্যটন উদ্যোগী অভিজিত গগৈৰ৷ কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন বা গতানুগতিক এক ধাৰাৰ মাজত সীমাবদ্ধ ৰখাৰ বিপৰীতে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে অভিজিত গগৈয়ে৷ এই ক্ষেত্ৰত গগৈয়ে সামৰি লৈছে অসমৰ জাতীয় জীৱন সংপৃক্ত হৈ থকা গ্ৰাম্য পৰ্যটনৰ কিছু দিশ৷ এই উদ্দেশ্য হাতত ৰাখি কাজিৰঙাৰ গেলেকীত আৰম্ভ কৰা হৈছে ‘ছেৰেনিটি পুখুৰী পাৰ’ নামৰ এখন ফাৰ্ম৷ য’ত পৰ্যটকৰ মনোৰঞ্জনৰ আন সুবিধাৰ লগতে থাকিব পৰ্যটকৰ বাবে বৰশী বোৱাৰ সুবিধা৷ দেওবাৰে বৰশী বোৱাৰ প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হয় ফাৰ্মখনত৷ একেলগে আৰম্ভ কৰা হয় বছৰজোৰা বৰশী বোৱাৰ টুৰ্নামেণ্ট৷ প্ৰথম দিনা প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০গৰাকী প্ৰতিযোগীয়ে আটাইতকৈ ডাঙৰ মাছটো বৰশীত ধৰাৰ উদ্যমেৰে অৱতীৰ্ণ হয় প্ৰতিযোগিতাত৷


Related

TWITTER

FACEBOOK