বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই

DY365
DY365
Published: August 2,2024 04:16 PM
DY365

Story highlights

বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল। বিজেপিৰ পৰা কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি।

২ আগষ্ট,২০২৪:বিজেপি এৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল। বিজেপিৰ পৰা কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি। অকলেই বিজেপি কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন বিধায়কজন। কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দিলে শৰ্মাই। কান্দি কান্দি কাৰ্যালয়ৰ পৰা ওলাই আহিল প্ৰাক্তন বিধায়কজন। ৯ আগষ্টত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই। বিজেপি ত্যাগ কৰিয়ে অশোক শৰ্মাৰ পুনৰ আক্ষেপ। 'জয়ন্ত মল্লবৰুৱাৰ পৰা মই বিচাৰিছিলোঁ মোক দাদা বুলি মাতক...'। 'মোক দাদা বুলি মাতি নি এখন চকী দিয়ক সভাত বহিবলৈ'। 'মই লালন-পালন কৰা দলটো এৰিলো, BJPৰ ভাল দিনত মই যাবলৈ ওলাইছো'। 'মোৰ অভিযোগ বেছি নাছিল, ২০২১ত টিকত নাপাওঁতেও মই কাম কৰিছিলোঁ'। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অশোক শৰ্মাৰ বিস্ফোৰণ। 'জয়ন্ত মল্লবৰুৱাই মোক অপমান কৰি আহিছিল, তাৰ বিচাৰ বিচাৰিছিলোঁ'। সেয়ে অপমান কৰা দলত নাথাকো, মই আজি মুক্ত হৈছোঁ : অশোক শৰ্মা। '৯ আগষ্টত মই কংগ্ৰেছত যোগদানত কৰাৰ সম্ভাৱনাই অধিক'। 'বিজেপি মোৰ শত্ৰু নহয়, কিন্তু দলত কেইজন মান আছে যি মোৰ বেয়া কৰি আহিছে'। 'নতুনকৈ অহা কেইজনমানে জ্যেষ্ঠক সন্মান নকৰে, মোৰ আত্মৰক্ষাৰ বাবে দল এৰিছো'। 'মোক অকামিলা কৰি ৰাখিছিল যাৰ বাবে মই সিদ্ধান্ত ল'লো'। 'সেইদিনা তেওঁ প্ৰথম দাদা বুলি মাতিছে, তেওঁৰ লগত বন্ধুত্ব হ'ব নোৱাৰে'। বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহি অশোক শৰ্মাৰ এই মন্তব্য। 


Related

TWITTER

FACEBOOK