মাজুলীবাসীয়ে চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা?

DY365
DY365
Published: July 31,2024 04:27 PM
DY365

Story highlights

ভয়ংকৰ বিপদৰ সন্মুখীন মাজুলীবাসী। মাজুলীত বৰ্তমান অচল ফেৰী সেৱা। চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা?

৩১জুলাই,২০২৪:ভয়ংকৰ বিপদৰ সন্মুখীন মাজুলীবাসী। মাজুলীত বৰ্তমান অচল ফেৰী সেৱা। চিৰকাললৈ পাহৰিব লাগিব নেকি ফেৰী সেৱা? দুয়োপাৰে ৰৈ আছে বিভাগীয় ফেৰী। কাৰণ ফেৰী চলাবলৈ গভীৰতা নাই ব্ৰহ্মপুত্ৰত। এই ভৰ বাৰিষাও কমলাবাৰীৰ পৰা নিমাতীলৈ ফেৰী সেৱা বন্ধ হৈ আছে। কাৰণ তৰাং হৈ পৰিছে মহাবাহু। কোনোকালে সন্মুখীন নোহোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে আভ্যন্তৰিণ জল পৰিৱহণ বিভাগ।



ব্ৰহ্মপুত্ৰৰ বুকু তৰাং হৈ পৰাৰ বাবে কাৰ্যতঃ অচল হৈ পৰিছে ফেৰী সেৱা। দুয়োপাৰে ৰৈ আছে বিভাগীয় ফেৰী। চৰকাৰী ফেৰী চলাচল বন্ধ কৰি নতুন জলপথৰ অনুসন্ধান চলাই আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। কিন্তু এতিয়াও সন্ধান ওলোৱা নাই বিকল্প জলপথৰ। আৰু কিছুদিনলৈ অপেক্ষাৰ কথা চিন্তা কৰিছে বিভাগে। কিন্তু অপেক্ষাৰ অন্ততো যে প্ৰত্যাশিত ফল লাভ কৰিব সেয়া নিশ্চিত নহয়। যদি বিকল্প পথ নোলায়, তেন্তে কমলাবাৰী আৰু নিমাতীৰ মাজত কেতিয়াও নচলিব পাৰে ফেৰী। ব্ৰহ্মপুত্ৰৰ অভ্যন্তৰত অভাৱনীয়ৰূপে বালি পৰাৰ ফলত উদ্বিগ্নতা বৃদ্ধি হৈছে। ফেৰী চলাচল বন্ধ হোৱাত সৰু সৰু নাৱেই এতিয়া হৈ পৰিছে একমাত্ৰ ভৰসা। কিন্তু সৰু সৰু নাওবোৰেও ভুগিবলগীয়া হৈছে বিভিন্ন সমস্যা।


Related

TWITTER

FACEBOOK