পেৰিছ অলিম্পিকত আজি অভিযানত অসম কন্যা লাভলীনা

DY365
DY365
Published: July 31,2024 04:11 PM
DY365

Story highlights

পেৰিছ অলিম্পিকত আজি অভিযানত অসম কন্যা লাভলীনা। বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনাৰ প্ৰতিদ্বন্দ্বী নৰৱেৰ ছুন্নীভা হফষ্টাড। বিয়লি ৩:৫০ বজাত ৰিঙত নামিছে অসমৰ লাভলীনা বৰগোহাঁই।

৩১জুলাই,২০২৪:পেৰিছ অলিম্পিকত আজি অভিযানত অসম কন্যা লাভলীনা। বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনাৰ প্ৰতিদ্বন্দ্বী নৰৱেৰ ছুন্নীভা হফষ্টাড। বিয়লি ৩:৫০ বজাত ৰিঙত নামিছে অসমৰ লাভলীনা বৰগোহাঁই। টকিঅ’ অলিম্পিকৰ পদক জয়ী লাভলীনাক লৈ প্ৰত্যাশা দেশবাসীৰ। অলিম্পিকৰ পঞ্চম দিনা পূৰ্বৰ দুটাকৈ পদক জয়ী পি ভি সিন্ধুৰো গুৰুত্বপূৰ্ণ খেল। ইতিমধ্যে জয়ৰে অভিযান আৰম্ভ কৰিছে তাৰকা শ্বাটলাৰগৰাকীয়ে।



বেডমিণ্টনৰ ছিংগলছত আজি খেল আছে লক্ষ্য সেন, এইচ এছ প্ৰণয়ৰো। আজি জয়ী হ’লে ৪ আগষ্টত কোৱাৰ্টাৰ ফাইনেল খেলিব লাভলীনাই। দুখন মেচত জয়ী হ’লেই পুনৰ এটা পদক নিশ্চিত হ’ল লাভলীনাৰ বাবে। সকলো ঠিকে থাকিলে ১১ আগষ্টত ৰ’লা গেৰ’ত খেলিব ফাইনেল। 
 


Related

TWITTER

FACEBOOK