মহাকুম্ভ মেলাত এইবাৰ IIT বাবা

DY365
DY365
Published: January 16,2025 06:27 PM
DY365

Story highlights

মহাকুম্ভ মেলাত এইবাৰ IIT বাবা

১৬ জানুৱাৰী ২০২৫-মহাকুম্ভ মেলাত এইবাৰ IIT বাবা



উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলাত প্ৰতিদিনেই দেশ-বিদেশৰ কোটি কোটি ভক্তই অংশগ্ৰহণ কৰিছে। বহু সাধু-সন্ন্যাসী, বাবা মহাকুম্ভ মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাৰ মাজতেই এইবাৰ শিৰোনাম দখল কৰিছে IIT বাবাই। সম্প্ৰতি চৰ্চাত থকা  IIT বাবাজনৰ নাম হৈছে বাবা অভয় সিং, যাৰ কাহিনী অতি আকৰ্ষণীয়। মহাকুম্ভত মানুহে তেওঁক অভিযন্তা বাবা বুলিও আখ্যা দিছে। 
IIT বাবা অভয় সিঙে দাবী কৰা অনুসৰি তেওঁ বম্বেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰো’স্পেচ ইঞ্জিনিয়াৰিং কৰিছে। কিন্তু, এতিয়া তেওঁ বিজ্ঞানৰ পথ এৰি আধ্যাত্মিকতাৰ পথ গ্ৰহণ কৰিছে, য’ত তেওঁ শান্তি পায়। কিন্তু ছ’চিয়েল মিডিয়াত এতিয়া চৰ্চা চলিছে যে  IIT বাবা অভয় সিঙে প্ৰেমত প্ৰতাৰিত হোৱাৰ বাবেই সংসাৰৰ  মোহ ত্যাগ কৰি ভগৱানৰ আশ্ৰয় লৈছে। আনহাতে ছ’চিয়েল মিডিয়াত একাংশই নিবনুৱা সমস্যা আৰু হতাশাৰ বাবে অভিযন্তা বাবাই আধ্যাত্মিকতাৰ পথ বাছি লোৱা বুলিও ট্ৰল কৰিছে।
অভিযন্তা বাবা অভয় সিং ছ’চিয়েল মিডিয়া অনুসৰি তেওঁ হাৰিয়ানাৰ বাসিন্দা। অভয় সিঙে বহু সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত দাবী কৰিছে যে তেওঁ আই আই টি বম্বেত অধ্যয়ন কৰিছে আৰু তেওঁৰ বিষয় আছিল মহাকাশ। তেওঁ দাবী কৰে যে বম্বে আই আই টিৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কানাডাত চাকৰি কৰিছিল কিন্তু তাত তেওঁ জীৱনৰ উদ্দেশ্য বিচাৰি নাপালে। 
এতিয়া অভিযন্তা বাবাই সমগ্ৰ জীৱন ভগৱান শিৱশংকৰৰ ওচৰত উৎসৰ্গা কৰিছে। তেওঁ কয়, "এতিয়া মই আধ্যাত্মিকতাক উপভোগ কৰি আছো। মই বিজ্ঞানৰ জৰিয়তে আধ্যাত্মিকতাক বুজি পাইছো। মই ইয়াৰ গভীৰতালৈ গৈছো। সকলো শিৱ। সত্য শিৱ আৰু শিৱ সুন্দৰ।"


TWITTER

FACEBOOK