দিল্লী দখলৰ বাবে নতুন ৰণকৌশল বিজেপি দলৰ

DY365
DY365
Published: January 17,2025 08:11 PM
DY365

Story highlights

দিল্লী দখলৰ বাবে নতুন ৰণকৌশল বিজেপি দলৰ

১৭ জানুৱাৰী ২০২৫- দিল্লী দখলৰ বাবে নতুন ৰণকৌশল বিজেপি দলৰ



৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। দিল্লী বিধানসভাৰ ৭০খন আসন দখল কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলেই বোৱাই দিছে প্ৰতিশ্ৰুতিৰ বন্যা। পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টীও। দিল্লীৰ মছনদ দখল কৰিবলৈ দিল্লীৰ জনসাধাৰণৰ বাবে কেইবাটাও বৃহৎ আঁচনি ঘোষণা কৰিলে বিজেপিয়ে। 
আপৰ হাতৰ পৰা দিল্লী দখল কৰিবলৈ বিজেপি দলে প্ৰয়োগ কৰিছে নতুন নতুন ৰণকৌশল। দিল্লী বিধানসভা নিৰ্বাচনক লৈ বিজেপি দলে প্ৰকাশ কৰিলে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰত বিশেষকৈ মহিলা ভোটাৰক আকৰ্ষণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। সেয়ে দিল্লীৰ লাখ লাখ মহিলালৈ বৃহৎ ঘোষণা বিজেপি দলৰ। দিল্লীত বিজেপিৰ চৰকাৰ আহিলেই প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক দিব ২১ হাজাৰকৈ টকা। ইয়াৰোপৰি  প্ৰথম সন্তানৰ বাবে ৫ হাজাৰ, ২য় সন্তানৰ বাবে বিজেপি চৰকাৰে দিব ৬ হাজাৰকৈ টকা। লগতে বিজেপিৰ সংকল্প পত্ৰত প্ৰকাশ কৰা অনুসৰি প্ৰতিমাহে মহিলাসকলক প্ৰদান কৰিব ২,৫০০টকাকৈ। আনহাতে দিল্লীৰ জনসাধাৰণৰ বাবে ৫০০ টকাতে উপলব্ধ হ'ব গেছ চিলিণ্ডাৰ। হোলী-দীপাৱলী আদি উসৱত যোগান ধৰা হ'ব ফ্ৰী চিলিণ্ডাৰ। দিল্লীত আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰাৰ লগতে  দিল্লীত মুকলি কৰা হ'ব অটল কেন্টিন। ইয়াৰ লগতে ৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকক ৩০০০ টকাকৈ পেঞ্চন দিয়া হ'ব বুলি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সংকল্প পত্ৰৰ জৰিয়তে উল্লেখ কৰিছে। 
উল্লেখ্য যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পূৰ্বে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছিল। য’ত দলটোৱে প্ৰায় ৬০,৭৫৪ টা পৰামৰ্শ লাভ কৰিছিল আৰু ইয়াৰ ভিতৰত দলটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও লাভ কৰিছে ৪০ হাজাৰতকৈও অধিক পৰামৰ্শ। কিন্তু বিগত ২০১৫ আৰু ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ হাতত বেয়াকৈ মুখঠেকেচা খাইছে দলটোৱে।


TWITTER

FACEBOOK