নতুন আঁচনি, নিৱনুৱাই লাভ কৰিব ৮,৫০০ টকাকৈ

DY365
DY365
Published: January 16,2025 03:36 PM
DY365

Story highlights

নতুন আঁচনি, নিৱনুৱাই লাভ কৰিব ৮,৫০০ টকাকৈ

১৬ জানুৱাৰী ২০২৫- নতুন আঁচনি, নিৱনুৱাই লাভ কৰিব ৮,৫০০ টকাকৈ



সম্মুখত দিল্লী বিধানসভাৰ নিৰ্বাচন। দিল্লীৰ মছনদ দখল কৰিবলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই বোৱাই দিছে প্ৰতিশ্ৰুতিৰ বন্যা। একপ্ৰকাৰ কবলৈ গলে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত প্ৰতিশ্ৰুতি দিয়াক লৈ যেন প্ৰতিযোগিতা চলিছে। বিজেপি, আম আদমী পাৰ্টী সকলোকে চেৰ পেলাই এইবাৰ কংগ্ৰেছেও দিল্লীবাসীক দিলে কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি। 
৫ ফেব্ৰুৱাৰীত ৭০খন আসনৰ বাবে অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে দিল্লীবাসী ভোটাৰক আকৰ্ষণ কৰিবলৈ তিনিটাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছেও -
নিবনুৱাক ৮৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি -
বৰ্তমান দেশৰ এক প্ৰধান সমস্যা হৈছে নিৱনুৱা সমস্যা। চৰকাৰ আহিলেই দিল্লীৰ নিৱনুৱা সমস্যা দূৰ কৰাৰ সংকল্প লৈছে কংগ্ৰেছে। প্ৰতিমাহে দিল্লীৰ নিৱনুৱাসকলক ৮৫০০ টকাকৈ প্ৰদান কৰিব কংগ্ৰেছ দলে। "যুৱ উড়ান যোজনা" নামৰ আঁচনিৰ অধীনত এই ধন নিৱনুৱাক প্ৰদান কৰিব কংগ্ৰেছে। 
৫০০ টকাত উপলব্ধ হ'ব চিলিণ্ডাৰ-
কংগ্ৰেছ দলে দিল্লী দখল কৰাৰ পিছতেই দিল্লীবাসীৰ বাবে ৫০০ টকাতেই উপলব্ধ হ'ব গেছ চিলিণ্ডাৰ। গেছ চিলিণ্ডাৰৰ লগতে দিল্লীবাসীক বিনামূলীয়া ৰেচনো প্ৰদান কৰিব কংগ্ৰেছে। 
 বিনামূলীয়া বিদ্যুৎ যোগান-
কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছতেই দিল্লীবাসীক যোগান ধৰা হ'ব বিনামূলীয়া বিদ্যুৎ। ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব দিল্লীৰ জনসাধাৰণে। 



উল্লেখ্য যে বিগত দুটা দিল্লী বিধানসভা নিৰ্বাচনত মুখঠেকেচা খাইছে কংগ্ৰেছ দলে। ২০১৫ আৰু ২০২০ চনৰ বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰা নাছিল কংগ্ৰেছে।


TWITTER

FACEBOOK