মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী আপোনালোকে জানেনে ? ইয়াৰ আঁৰৰ ধৰ্মীয় বিশ্বাস কি?

DY365
DY365
Published: October 10,2023 11:10 AM
DY365

Story highlights

মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী আপোনালোকে জানেনে ? ইয়াৰ আঁৰৰ ধৰ্মীয় বিশ্বাস কি?

১০ অক্টোবৰ, ২০২৩ঃ কহুৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাসেৰে আকৌ আগমন ঘটিল শৰতৰ। শেৱালিৰ সুগন্ধীয়েই কঢ়িয়াই আনে শৰতৰ বতৰা।শৰৎ মানেই যেন দুৰ্গাপূজা।পূজা পালনৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে।সকলোৰে মাজত বাঢ়িছে উৎকন্ঠা, ব্যস্ততা ।ব্যস্ততাৰ যেন শেষ নাই এতিয়া মৃণ্ময় শিল্পীসকলৰ মাজত।পূজালৈ কেইবা মাহ আগৰে পৰাই দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে মা দুৰ্গা দেৱীৰ প্ৰতিমা সজাত।এই শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱীৰ প্ৰতিমা।





 



আপোনালোকে জানেনে মা দুৰ্গাৰ এই অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী?



দুৰ্গা পূজা বুলি ক'লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে উজ্জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়।প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক যথেষ্ট পৱিত্ৰ বুলি গণ্য কৰা হয়। দেৱী মাৰ মূৰ্তিত প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় এই বিশেষ মাটি।





 



 



হিন্দু ৰীতি-নীতি অথবা লোক বিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।কিয়নো ইয়াৰ অবিহনে মূৰ্তি নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়। অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে।পুৰাণৰ মতে বিশ্বমিত্র ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল।



 





ভগৱান ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে।ঋষিৰ ধ্যান ভংগ কৰাটো সহজ কাম নহয়। যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে, সেই কাম মেনকাই সম্পন্ন কৰিলে।মা দুর্গা দেৱীক ১টা ৰূপত পূজা কৰা হয়।দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়।



 





এই নটা ৰূপ হৈছে হৈছে নৃত্যশিল্পী, কপালিনী, ধোপানী, নপিতানি, ব্রাহ্মণী, শূদ্রাণী, গোৱালিনী, মালিনী আৰু পতিতা।যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলক বছৰজুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে।পুৰাণৰ মতে দেৱতাতকৈ 'বেশ্যা' অধিক শক্তিশালী। তাৰোপৰি সমাজবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান।





পৰম্পৰাগত বিশ্বাস অনুযায়ী, বেশ্যাৰ হাতেৰেই উপহাৰ বা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হয় প্ৰতিমা নিৰ্মাণৰ মাটি। যিহেতু এই মাটিক পুণ্য মাটি বুলি ধৰা হয়, পূৰ্বতে পৱিত্ৰ হিচাপে গণ্য কৰা মাটি পুৰোহিতসকলে গ্ৰহণ কৰিছিল কিন্তু বৰ্তমান সময়ত মৃণ্ময় শিল্পীসকলেই নিজেই গ্ৰহণ কৰে এই মাটি।




Related

TWITTER

FACEBOOK